অসম

নাৰায়ণপুৰত গড়কাপ্টানি বিভাগৰ পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ নাৰায়ণপুৰত গড়কাপ্টানি বিভাগৰ পথ নিৰ্মাণত সংঘটিত হৈছে চুড়ান্ত অনিয়ম। অসম-অৰুণাচল সীমান্তৱৰ্তী ভোলাবৰী চাৰিআলিৰ পৰা ১নং নাহৰনি সংযোগী গড়কাপ্তানি পথটো নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ১.৯১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱা নিৰ্মাণৰ বাবে ১,২৬,৫৬,৯৯৮ টকা ধাৰ্য কৰা হৈছিল৷ পুতুল বৰুৱা নামৰ ঠিকাদাৰ জনে নিৰ্মাণ কাৰ্যত চূড়ান্ত অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে টাই আহোম ছাত্র সন্থাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে। ইতিমধ্যে অঞ্চলটোৰ ৰাইজে অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা কাৰ্যত ক্ষুদ্ধ হৈ ঠিকাদাৰগৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই।

এই ক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীকো অৱগত কৰা হৈছিল যদিও পদক্ষেপ লোৱাত চুড়ান্ত ভাবে ব্যৰ্থ হৈছে বিধায়ক গৰাকী। আজি অঞ্চলটোৰ একাংশ ৰাইজে চূড়ান্ত অনিয়মেৰে পথচোৱা নিৰ্মাণৰ বিৰোধীতা কৰি আনিৰ্দিষ্ট কাললৈ নিৰ্মাণ কাৰ্য বন্ধ কৰে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰে ৰাইজসকলে। অন্যথা পৰৱৰ্তী সময়ত জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে অঞ্চলটোৰ ৰাইজে।

দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্যসহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক এই বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।