অসম

নিশা নৰনাৰায়ণ সেতুত পথ দুৰ্ঘটনাত মৃত্যু চিকিৎসকৰ

asomiyapratidin

ডিজিটেল সংবাদ, বঙাইগাঁওঃ মঙলবাৰে নিশা নৰনাৰায়ণ সেতুত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা৷ বাইক আৰোহীয়ে খুন্দা মাৰিলে ডিভাইডাৰত৷ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন৷

বাইক আৰোহীজনৰ নাম ডা° অৰিন্দম প্ৰকাশ মণ্ডল৷ নিহত চিকিৎসকজনৰ ঘৰ অভয়াপুৰীত৷ দুৰ্ঘটনাগ্ৰস্থ বাইকৰ নং এএছ-১৯-এম-৫৪০৯৷

অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমূখী বিদ্যালয়ৰ অধ্যক্ষা মীনাকুমাৰী মণ্ডলৰ পুত্ৰ ডা° অৰিন্দম প্ৰকাশ মণ্ডল৷ চিকিৎসকজনৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ অভয়াপুৰীত।