অসম

নামতিত ঐক্য সেনা অসমৰ উত্তাল প্রতিবাদঃ বিধায়ক প্রদীপ হাজৰিকাক কেবৰ ওপৰত স্থিতি স্পষ্ট কৰাৰ দাবী, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নামতিঃ শ্বহীদ প্রভাত চেতিয়া জন্মভূমিৰ পৰা সকীয়াই দিছো, শৰীৰত শেষ বিন্দু ৰক্ত থকা লৈকে কেবৰ বিৰোধিতা কাৰি যাম। তাৰ বাবে আমি শ্বহীদ হবলৈ সাজু আছো।" এই মন্তব্য কৰিছে ঐক্য সেনা অসমে। সংগঠনটোৰ নামতি আঞ্চলিক সমিতিয়ে দেওবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নামতি চাৰি আলিত প্রধানমন্ত্রী নৰেন্দ্র মোডী, মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল মূর্দাবাদ ধ্বনি দিয়াৰ লগতে মন্ত্রী অতুল বৰাৰ প্রতিমূর্তি দাহ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে।

ঐক্য সেনা অসমৰ এই প্রতিবাদী কার্যসূচীত আছুৰ শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে স্থানীয় ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী হায়- হায়, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা গ' বেক, বিজেপি চৰকাৰ গ' বেক, আতুল বৰা লেই-লেই চেই চেই, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক আদি বিভিন্ন শ্লোগান দি উত্তাল প্রতিবাদ সাব্যস্ত কৰে।

আনহাতে, ঐক্য সেনা অসমৰ নামতি আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদক ৱাকিল আলীয়ে আমগুৰি সমষ্টিৰ অগপ বিধায়ক প্রদীপ হাজৰিকাক কেবৰ ওপৰত তেওঁৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনাইছে অন্যথা আছু আৰু ঐক্য সেনা অসমে স্থানীয় ৰাইজৰ সহযোগত জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।