অসম

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অসম পেট্ৰ’ কেমিকেল পৰিদৰ্শন, ৯৯.১% সম্পূৰ্ণ প্ৰকল্প নিৰ্মানৰ কাম…

asomiyapratidin

ডিজিটেল সংবাদ, নামৰূপঃ দেশৰ ভিতৰতে লাভজনক উদ্যোগৰ স্থান দখল কৰা নামৰূপস্থিত অসম পেট্ৰ' কেমিকেল লিমিটেডত নিৰ্মান কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত থকা ৫০০ টন মিঠানল উৎপাদন হ"ব লগীয়া প্ৰকল্প থলী পৰিদৰ্শন কৰে উদ্যোগ আৰু বাণিজ্য দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে । পৰিদর্শন  কালত এ পি এলৰ কামৰ ক্ষীপ্ৰতা দেখি সন্তোষ প্ৰকাশ কৰি উদ্যোগ মন্ত্ৰী গৰাকীয়ে কয়- এ পি এল ভাৰতৰ ভিতৰতে  প্ৰথমটো  বৃহৎ গেছ ভিত্তিক  ৰাজহুৱা খণ্ডৰ  মিঠানল উদ্যোগ হোৱাৰ পথত আগবাঢ়িছে। উল্লেখযোগ্য যে, ২০১৩ চনৰ আগষ্ট মাহত আধাৰশিলা  স্থাপন হোৱা এ পি এলৰ ৫০০ টন মিঠানল উৎপাদন প্ৰকল্পটো প্ৰায় পাঁচ বছৰ কোনো কাম নোহোৱাকৈ পৰি থাকিল।

অৱশেষত  ২০১৭ চনৰ ৪ অক্টোবৰত  বিজেপি নেতৃত্বাধীন চৰকাৰে নিৰ্মান কাৰ্য  আৰম্ভ কৰি চাৰি বছৰত নিৰ্মান কাৰ্য্য সম্পূৰ্ণ কৰি সম্প্ৰতি উৎপাদন ক্ষম অৱস্থাত উপনীত হৈছে উদ্যোগটো। তেনে প্ৰেক্ষাপটত মঙলবাৰে ৰাজ্যিক মন্ত্ৰী গৰাকী প্ৰকল্পথলীত উপস্থিত হৈ কয় যে- সম্পদক সম্ভাৱনালৈ  ৰূপান্তৰ কৰাৰ লক্ষ্যৰে নামৰূপস্থিত এ পি এলৰ নতুন প্রকল্পৰ নিৰ্মান কাৰ্য ইতিমধ্যেই ৯৯.১% কাম সম্পূৰ্ণ হৈছে। ১৭০৯ কোটি টকা ব্যয় সাপেক্ষে  নিৰ্মানৰত ৫০০ টন (প্ৰতিদিনে) মিঠানল উৎপাদনক্ষম প্ৰকল্পটোৰ চলিত মাহৰ পৰা কমিছনিং আৰম্ভ হ'ব  আৰু সকলো ঠিকেই থাকিলে নতুন বছৰত  উৎপাদন আৰম্ভ কৰিব পৰা যাব বুলি মন্ত্ৰী গৰাকীয়ে বক্তব্যত কয়।  

অহা ফেব্ৰুৱাৰী মাহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই নতুন প্ৰকল্পৰ শুভ উদ্বোধন কৰিব বুলি মন্তব্যত কয়। মন্ত্ৰী গৰাকীয়ে স্থানীয় বিধায়ক তৰংগ গগৈ, অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাৰ নেতৃত্বত  উদ্যোগটোৰ বিষয়া কৰ্মচাৰী সকলৰ ঐকান্তিক প্ৰচেষ্টা উদ্যোগটোৱে সাকাৰ ৰূপ পাইছে বুলি উল্লেখ কৰে। আনহাতে  এ পি এলৰ   বৈঠমাৰীত  নিৰ্মান হৈ থকা  ফ'ৰমইলিন দিহাইড প্ৰকল্পৰ নিৰ্মান কাৰ্য্য দ্ৰুত  গতিত আৰম্ভ হৈছে বুলি মন্ত্ৰী গৰাকীয়ে কয়। জানিব পৰা মতে  নতুন প্রকল্পটোৰ  ওৱাটাত প্লাণ্টৰ প্রি কমিছনিং ইতিমধ্যে আৰম্ভ হৈছে। আজিৰ এই মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত স্থানীয় বিধায়ক তৰঙ্গ গগৈ ,অসম পেট্ৰকেমিকলচ লিমিটেডটৰ  অধ্যক্ষ বিকুল ডেকা , অসম পেট্ৰকেমিকলচ লিমিটেডটৰ নৱনিযুক্ত পৰিচালন সঞ্চালক ৰাজনিশ গগৈ ,বিজেপিৰ নাহৰকটীয়া মণ্ডলৰ সভাপতি গকুল বড়া,বিজেপি জয়পুৰ মণ্ডলৰ সভাপতি মৃদুল কলিতা, উদ্যোগটোৰ বিষয়া কৰ্মচাৰী আদি উপস্থিত থাকে।