অসম

নামৰূপত শোকাৱহ পথ দুৰ্ঘটনা, কণমানি পুত্ৰসহ থিতাতে নিহত মহিলা

asomiyapratidin

ডিজিটেল সংবাদ, নামৰূপঃ ডিব্ৰুগড়ৰ নামৰূপত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে মৃত্যুক সাবটি লয় মাতৃ আৰু পুত্ৰই।

প্ৰত্যক্ষদৰ্শীসকলৰ মতে, বিদ্যালয়ৰ পৰা এগৰাকী মহিলাই কণমানি পুত্ৰক ঘৰলৈ আনি থকাৰ সময়তে এখন তীব্ৰবেগী টেংকাৰে মহতিয়াই নিয়ে। চাইকেলেৰে পথটো অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে টেংকাৰখনে মাতৃ-পুত্ৰক খুন্দিয়াই তীব্ৰবেগে আঁতৰি যায়।

ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে। স্থানীয় লোকসকলে তীব্ৰবেগী ট্ৰাকৰ দৌৰাত্ম্য বন্ধ কৰিবলৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বাবেই এই কৰুণ ঘটনা সংঘটিত হ'বলৈ বালে বুলি ক্ষোভ ব্যক্ত কৰিছে।