অসম

নামতিত কন্যাৰ মৃত্যুৰ শোকত শুৱাপাটিতে পিতৃৰ পৰলোকপ্রাপ্তি…

asomiyapratidin

ডিজিটেল সংবাদ, নামতি: একমাত্র কন্যাৰ মৃত্যুৰ শোকত শুৱা পাটিতে ইহঃসংসাৰ ত্যাগ কৰিলে শিৱসাগৰ জিলাৰ নামতিৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষক বীৰেণ আৰন্ধৰাই । উল্লেখ্য যে, নামতি কাড়চোৱা বলিমৰা গাঁৱৰ নিবাসী বীৰেন আৰন্ধৰা আৰু ভৱানী আৰন্ধৰা একমাত্র কন্যা তথা নগাঁৱৰ এখন "আই টি আইৰ" কলেজত ছাত্রী নৱনীতা আৰন্ধৰাই নগাঁৱত যোৱা ৩১ ডিচেম্বৰত বন্ধুবর্গৰ সৈতে নিজৰ জন্মদিন উদযাপন কৰি প্রেমিকৰ সৈতে এখন পালচাৰ বাইকে আহি উভতি আহোতে এক শোকাৱহ পথ দূর্ঘটনাত সংঘটিত হৈছিল ।

নগাঁৱৰ সেই পথ দূর্ঘটনাটোত নৱনীতা আৰন্ধৰাৰ প্রেমিক নাজিৰাৰ হিমাংশু গগৈ থিতাতে নিহত হৈছিল যদিও নৱনীতা আৰন্ধৰাক স্থানীয় লোকে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ যায় কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰিছিল। কন্যাৰ আকস্মিক মৃত্যুত পৰিয়াল আন ব্যক্তি সকলৰ লগতে অৱসৰপ্রাপ্ত প্রধান শিক্ষক বীৰেণ আৰন্ধৰায়েও সহজভাৱে ল'ব পৰা নাছিল ।

তেওঁ কন্যাৰ মৃত্যুৰ শোকত একেবাৰেই ভাগি পৰিছিল। যাৰ ফলত ভোগালী বিহুৰ প্রথম দিনাই বীৰেণ আৰন্ধৰাৰ শুৱাপাটিতে পৰলোকপ্রাপ্তি ঘটে । তেওঁৰ মৃত্যু অঞ্চলটোত এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে । অগণন গুণমুগ্ধ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালটো সমবেদনা জ্ঞাপন কৰিছে । পত্নী-পুত্রৰ লগতে বহুতো আত্মীয়ক ইহঃসংসাৰত এৰি থৈ গৈছে ।