অসম

নিৰ্মাণ সম্পূৰ্ণ নহওঁতেই জলবোমাৰ ৰূপ লৈছে নামনি-সোৱণশিৰি প্ৰকল্পই, বান্ধৰ উপৰি ভাগত জমা ৮০ হাজাৰ কিউবিক পানী

asomiyapratidin

ডিজিটেল সংবাদ, গোগামুখঃ অৰুণাচলত যোৱা এসপ্তাহ ধৰি হৈ থকা প্ৰৱল বৃষ্টিপাতৰ ফলত নিৰ্মাণ সম্পূৰ্ণ নোহোৱা নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীয়ে এতিয়া জলবোমা সদৃশ হৈ পৰিছে। চিয়াঙৰ ৰহস্যজন জলপৃষ্ঠ বৃদ্ধি আৰু অৰুণাচলৰ প্ৰৱল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ মূল উপনৈ নামনি-সোৱণশিৰিৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

যাৰফলত গেৰুকামুখৰ নদীবান্ধ প্ৰকল্পস্থলী ক'ফাৰ বান্ধৰ ওপৰেৰে পানী বাগৰাৰ লগতে মূল বান্ধৰ ভেটিও খহাই নিয়াৰ উপক্ৰম হৈছে। অতিৰিক্ত পানী ড্ৰাইভাৰশ্যন টানেলে বহণ কৰা ক্ষমতা হেৰুৱাই পেলোৱাত, সেই পানী এতিয়া মূল বান্ধৰ ভেটিও ডুবাই পেলাইছে। এক সূত্ৰৰ পৰা জানিব পৰা মতে, এই প্ৰকল্পস্থলীৰ ওপৰৰ ফালে প্ৰায় ৮০ হাজাৰ কিউবিক মিটাৰ পানী জমা হৈ  আছে। এই পানীৰে সেই স্থানত থকা কফাৰডাম ভাঙি বাগৰি আহিলে নামনি অঞ্চলত জলপ্ৰলয়ৰ সৃষ্টি হ'ব।

ইতিমধ্যে বানে ভয়ানক ৰূপ ধাৰণ কৰিছে ধেমাজিত। শুকুৰবাৰে ধেমাজিৰ জীয়াঢল নদীৰ ওপৰত থকা ৰেলৰ দলঙৰ এটা মূৰ উটুৱাই নিছিল বানে। নামনি সোৱণশিৰি জলবিদ্যাৎ প্ৰকল্পস্থলীত সৃষ্টি হোৱা এই অভাৱনীয় পৰিস্থিতিৰ ফলত টাৰ্নেল আৰু গাৰ্ডৱাল সমূহো ক্ষতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইতিমধ্যে প্ৰকল্পস্থলীত সৃষ্টি হোৱা এই পৰিস্থিতিৰ ফলত নৈকাষৰীয়া ৰাইজৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি হৈছে।

শুকুৰবাৰৰ পৰা এই নদীবান্ধস্থলীত প্ৰচণ্ড গতিত জলপৃষ্ট বৃদ্ধি পোৱাৰ লগতে মূল বান্ধৰ ওপৰেৰে অস্বাভাৱিক গতিত পানী বাগৰিছে। এনে পৰিস্থিতিত ধেমাজি, লখিমপুৰৰ লগতে মাজুলীতো প্ৰলয়ংকাৰী বানৰ সম্ভাৱনাই দেখা দিছে। নদীবান্ধস্থলীৰ সমীপত থকা গাঁওসমূহ ওপৰত জমা হৈ থকা পানী বাগৰি আহিলে মুহূৰ্তৰ ভিতৰতে নিঃচিহ্ন হৈ পৰিব।

নদীবান্ধটোৰ মূল প্ৰকল্পস্থলীৰ ওপৰেদি প্ৰতি ছেকেণ্ডত এই মুহূৰ্তত ১৩৫ ঘন মিটাৰকৈ পানী বাগৰি আছে। গেৰুকামুখ প্ৰকল্পস্থলীত এনে ভয়াৱহ পৰিবেশে বিৰাজ কৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এই নদীবান্ধৰ প্ৰভাৱ সন্দৰ্ভত চলোৱা অধ্যয়নত বান্ধৰ নামনি অঞ্চলৰ লগতে অসমৰ বিষয়ে কোনো এটা শব্দও উল্লেখ কৰা নাই। প্ৰকৃতাৰ্থত এই অধ্যয়ন কিমান ক্ষেত্ৰভিত্তিক আছিল তাক লৈও এতিয়া সন্দেহৰ উদ্বেগ হৈছে।