নলবাৰী

প্ৰাক্তন বিধায়ক হেমেন দাসৰ গ্ৰন্থ উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ, সৰভোগঃ লিখকৰ ৰূপত এইবাৰ প্ৰাক্তন বিধায়ক হেমেন দাস। ৯৪ বছৰতো কলম থমকি ৰোৱা নাই হেমেন দাসৰ ।

সৰভোগৰ সমষ্টিৰ চাৰিবাৰকৈ নিৰ্বাচিত জ্যেষ্ঠ বাওঁপন্থী নেতা , প্ৰাক্তন বিধায়ক হেমেন দাসৰ বিভিন্ন লিখনিৰ সংকলন "হুৰ হুৰ বটা চৰাই আৰু অন্যান্য" নামৰ গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ উপাচাৰ্য ড৹ দীনেশ বৈশ্যই ।

গ্ৰন্থ উন্মোচন সভাত উপস্থিত থাকে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ বিশিষ্ট শিক্ষাবিদ বৰনগৰ মহাবিদ্যালয়ৰ অধ্যাক্ষ জগদীশ শৰ্মা উপাদক্ষ ৰেজাউল কৰিম বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাক্ষ বীৰেন কুমাৰ চক্ৰৱৰ্তী আমন্ত্ৰিত অতিথি আৰু স্থানীয় ৰাইজ বিশিষ্ট শিক্ষাবিদ উপাচাৰ্য ড৹ দীনেশ বৈশ্য গ্ৰন্থ উন্মোচন কৰে ।