নলবাৰী

বিশিষ্ট চিকিৎসক ডাঃ ধনঞ্জয় কলিতা সোঁৱৰণী গ্ৰন্থ উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ ,নলবাৰীঃ বিশিষ্ট চিকিৎসক ডাঃ ধনঞ্জয় কলিতা সোঁৱৰণী গ্ৰন্থ উন্মোচন। শনিবাৰে অনুষ্ঠিত হোৱা উন্মোচনী সভাত উপস্থিত থাকে ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড° মুকুন্দ শৰ্মা। তেওঁ কয় যে “মানুহৰ জীৱনৰ যিদৰে সৌন্দৰ্য আছে সেইদৰে মৃত্যুৰো এক সৌন্দৰ্য আছে। মৃত্যুৰে জীৱন সামৰা হয় যদিও সজ কৰ্ম কৰি জীৱন সামৰা লোক পৰৱৰ্তী প্ৰজন্মৰ বাবে আদৰ্শ হৈ ৰয় ।’’

বিশিষ্ট চিকিৎসক তথা নলবাৰীৰ অসামৰিক চিকিৎসালয়ৰ প্ৰাক্তন অধীক্ষক ডাঃ ধনঞ্জয় কলিতাৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে প্ৰয়াত ডাঃ কলিতাৰ টিহুস্থিত বাসভৱনত আয়োজিত স্মৃতিচাৰণ সভাত প্ৰয়াত ডাঃ কলিতাৰ জীৱনাদৰ্শৰ বিষয়ে প্ৰায় ১৫০ গৰাকী লোকৰ স্মৃতিগাথাৰে সন্নিৱেশিত আৰু অনিন্দিতা বৰ্মনৰদ্বাৰা সম্পাদিত ‘বৰ্ণিল জীৱনৰ সোণালী স্মৃতি’ শীৰ্ষক স্মাৰক গ্ৰন্থ উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ ডঃ শৰ্মাই লগতে কয় যে বিশিষ্ট জীৱনে মৃত্যুৰ পাছত বিশিষ্টতা লাভ কৰে।

তেওঁ লগতে সমাজে সেই মৃত্যুক শক্তি হিচাপে লৈ সক্ষমতা তথা প্ৰাণৰ শক্তি হিচাপে গ্ৰহণ কৰি সেই মৃত্যুৰ সমলবোৰ সমাজ জীৱনৰ অংগ কৰি ল’ব বিচাৰে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে। ভাষণ প্ৰসংগত ডঃ শৰ্মাই সোঁৱৰণী গ্ৰন্থক এখন দলিল সদৃশ বুলি অভিহিত কৰে।

টিহু মহাবিদ্যালয়ৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ গিৰীন্দ্ৰনাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই স্মৃতিচাৰণ সভা উদ্বোধন কৰি টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰে বিশিষ্ট চিকিৎসক ডাঃ ধনঞ্জয় কলিতাৰ জীৱনাদৰ্শৰ বিষয়ে আলোকপাত কৰে। স্মৃতিচাৰণ সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডঃ কবিতা চৌধুৰীয়ে সৎ কৰ্মৰ যোগেদি সুফল লাভ কৰে বুলি মন্তব্য কৰি ডাঃ ধনঞ্জয় কলিতাই সেই নিদৰ্শন দেখুৱাই যোৱা বুলি কয় ।

বিমান কলিতাই আঁত ধৰা সভাখনত নলবাৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বলেন্দ্ৰ নাৰায়ণ ডেকা, বিশিষ্ট চিকিৎসক ক্ৰমে ডাঃ কামেশ্বৰ লহকৰ, ডাঃ ৰমেশ ভট্টাচাৰ্য, ডাঃ প্ৰমোদ তালুকদাৰ, টিহু মহাত্মা গান্ধী ভৱন সমিতিৰ সভাপতি সোমনাথ ডেকা আদিয়ে প্ৰয়াত ডাঃ কলিতাৰ জীৱন-কৰ্মৰ স্মৃতি ৰোমন্থন কৰে। হীৰামণি ডেকাৰ স্তোত্ৰ পাঠেৰে আৰম্ভ হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে প্ৰয়াত ডাঃ কলিতাৰ সহধৰ্মিনী তথা টিহু মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপিকা কমলা ডেকাই।

প্ৰয়াত ডাঃ কলিতাৰ প্ৰতিচ্ছবিত মাল্যদান কৰে বিশিষ্ট চিকিৎসক ডাঃ কামেশ্বৰ লহকৰে। স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে বিশিষ্ট চিকিৎসক ডাঃ ৰমেশ ভট্টাচাৰ্য আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই। প্ৰয়াত ডাঃ কলিতাৰ কন্যা তথা কটন বিশ্বিদ্যালয়ৰ অধ্যাপিকা ড০ তৰালী কলিতাই শলাগৰ শৰাই আগবঢ়ায়।

গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত সোঁৱৰণীগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি দিলীপ কুমাৰ লহকৰ, প্ৰয়াত ডাঃ কলিতাৰ পুত্ৰ দীপজ্যোতি কলিতা, ডাঃ ধীৰেন দত্ত, জ্যেষ্ঠ নাগৰিক দশৰথ পাঠক, গোপাল কলিতা, ৰমেশ চন্দ্ৰ শৰ্মা, চন্দ্ৰ প্ৰভা হুজুৰী বৰ্মন, ৰেখা ডেকা, চন্দ্ৰ কান্ত বৰ্মন, অৱসৰীয়া অধ্যাপক পুলিন চন্দ্ৰ দাস, টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গা পূজা মহোৎসৱ সমিতিৰ সম্পাদক কিশোৰ কুমাৰ শৰ্মা প্ৰমুখ্যে কেইবাগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।