অসম

নলবাৰীত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত যুৱ ছাত্ৰৰ অনশন কাৰ্যসূচী

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ অসমৰ খিলঞ্জীয়া জনগণৰ ভাষা সাহিত্য সংস্কৃতিৰ ক্ষতিসাধন কৰি অসমীয়া জাতিক নিঃশেষ কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ নলবাৰী জিলা সমিতিয়ে সোমবাৰৰ দুপৰীয়া ১২ বজাৰ পৰা ২৪ ঘণ্টীয়া অনশন কার্যসূচী আৰম্ভ কৰে। পৰিষদৰ জিলা সমিতিয়ে এক বিবৃতিত উল্লেখ কৰে যে
জাতি-মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰা জাতীয় নায়ক খ্যাত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে দিল্লী আৰু নাগপুৰৰ শ্ৰুতলিপি মতে দ্বিতীয় বদনৰ ৰূপ লৈ যি জাতিধ্বংসী কাৰ্যত সহযোগ কৰিছে সেয়া অসম আৰু অসমৰ খিলঞ্জীয়া জনগণৰ বাবে অপমান জনক, লজ্জাজনক আৰু ধিক্কাৰজনক।

বিধেয়কখনৰ জৰিয়তে হিন্দু বিদেশীক নাগৰিকত্ব প্ৰদানৰ যি প্ৰস্তাৱ আগবঢ়োৱা হৈছে তাৰ দ্বাৰা দেশৰ সংবিধানৰ কাঠামোক সংকটৰ গৰাহলৈ ঠেলি দিয়া হৈছে। এই অনশন কাৰ্যসূচীত পৰিষদৰ জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী সভাপতি মৃনাল বৰ্মন সম্পাদক গৌতম শৰ্মা, উপ সভাপতি মনোৰাম কলিতা, চহৰ সমিতিৰ যুটীয়া সম্পাদক দীপজ্যোতি কলিতা, বিত্ত সম্পাদক হেমেন কলিতা, কাৰ্যনিৰ্বাহক কৌশিক বৰ্মন আৰু জিণ্টুমণি কলিতাই অংশগ্ৰহণ কৰে।

দেশৰ প্রধানমন্ত্রীগৰাকীয়ে সাধাৰণ নিৰ্বাচনকালীন সভাবোৰত বিদেশী বহিষ্কাৰৰ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি শাসনৰ গাদীত বহি সম্পূর্ণৰূপে পাহৰি বিদেশীক ধৰ্মীয় পৰিচয়ৰে ভাগ ভাগ কৰি অসমত সংস্থাপনৰ যি অভিসন্ধি ৰচনা কৰিছে আৰু অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে চকু মুদি সমৰ্থন কৰা কাৰ্য অসমবাসীৰ বাবে সঁচাকৈ দুৰ্ভাগ্যজনক বুলিও কয় প্ৰতিবাদকাৰীয়ে। বিধেয়কখন বাতিল হকে ভোগালীৰ মেজি জুইত হাত সেকি সমগ্ৰ অসমবাসীয়ে আগত সময়ত ঐক্যবদ্ধ হৈ সংগ্ৰামৰ সংকল্প ল'বলৈ আহ্বান জনাইছে যুৱ ছাত্র পৰিষদে।