অসম

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে নলবাৰীত কেইবাগৰাকী মহিলাক বিশেষ সম্বৰ্ধনা জ্ঞাপন…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে নলবাৰী জিলা যুৱ কংগ্ৰেছে মঙলবাৰে নলবাৰীৰ শিক্ষা, সাহিত্য, ক্ৰীড়া আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কৃতিত্ব দেখুওৱা কেইবাগৰাকী মহিলাক বিশেষভাৱে সম্বৰ্ধনা জনায়।

জিলা যুৱ কংগ্ৰেছৰ সভাপতি সত্যেন দাস আৰু নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈৰ নেতৃত্বত কংগ্ৰেছ নেতা-কৰ্মীৰ এটা দলে নলবাৰী লিটিল ফ্লাৱাৰ্ছ স্কুলৰ অধ্যক্ষা বিভা বুজৰ বৰুৱা , বিশিষ্ট লেখিকা অনুপমা দেৱী,প্ৰাক্তন ৰাষ্ট্ৰীয় কাবাদী খেলুৱৈ তথা পদপথৰ ব্যৱসায়ী ডালিমী হালৈকে ধৰি নিজ নিজ ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰা কেইবাগৰাকী মহিলাক তেওঁলোকৰ ঘৰে ঘৰে গৈ বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।