অসম

হাতত কোৰ লৈ নলবাৰীৰ উপায়ুক্ত নামিল চাফাই অভিযানত…

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ নলবাৰীৰ উপায়ুক্ত ভাতৰ ভূষণ দেৱ চৌধুৰীয়ে শনিবাৰে পুৱাৰে পৰা হাতত কোৰ লৈ নামি পৰিল চাফাই অভিযানত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰতৰ সপোন দিঠকত পৰিণত কৰাৰ উদ্দেশ্যে উপায়ুক্ত গৰাকীয়ে নলবাৰী জিলা পুথিভৰাল প্ৰাংগণৰ হাবি-জংঘল আদি কোৰ মাৰি চাফ কৰে।

এই সম্পৰ্কত উপায়ুক্ত দেৱ চৌধুৰীয়ে কয়- 'আমি প্ৰশাসন তথা চৰকাৰী কৰ্মচাৰী সকলে নিজৰ কাৰ্য্যালয়ৰ লগতে আন আন অনুষ্ঠান,প্ৰতিষ্ঠান আদিও চাফ-চিকুণ কৰি দৃষ্টান্ত দাঙি ধৰিব লাগে।'