ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ ইতিহাসত বহস্পতিবাৰে প্ৰথমবাৰৰ বাবে জিলাখনত আংশিক ভোটগ্ৰহণ হয়। মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত ৫৯ নং নলবাৰী বিধানসভা সমষ্টিত পুৱাৰে পৰা ২৫৯ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ হয়। জিলাখনৰ ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিত অহা ২৩ এপ্ৰিলতহে ভোটগ্ৰহণ হ'ব। ১,৯৯,৪১৩ গৰাকী ভোটাৰ থকা নলবাৰী বিধানসভা সমষ্টিত মাত্ৰ ৭৫ শতাংশহে ভোটদান হয়। অৱশ্যে এই হাৰ সামান্য বাঢ়িবও পৰে।
উল্লেখ্য যে, নলবাৰীত অইনবাৰৰ তুলনাত বৃহস্পতিবাৰে ভোটদাতা ৰাইজৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত নহ'ল। নলবাৰী জিলাৰ উপায়ুক্ত তথা ৰিটাৰ্ণিং বিষয়াই পুতলা নাচ, ওজাপালি, আয়তী নাম, প্ৰতীকী ভোটকেন্দ্ৰ আদিৰে ভোটদাতাৰ মাজত সজাগতা অনাৰ চেষ্টা কৰাই নহয়, প্ৰতিটো পৰিয়ালৰ মুৰব্বীলৈ ভোটদানৰ অনুৰোধ জনাই ব্যক্তিগত পত্ৰও প্ৰেৰণ কৰিছিল। কিন্তু সকলো গালো বালো খোলাকটিৰ তালৰ দৰে হ'ল।
বৃহস্পতিবাৰে পুৱাৰ ভাগতে মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দিলীপ শইকীয়াই ভোটদান কৰে। প্ৰাৰ্থীগৰাকীয়ে গৃহসমষ্টি নলবাৰীৰ ২০৯ নং পূৰ্ণ কামদেৱ প্ৰাথমিক বিদ্যালয়ত ভোটদান কৰে। সেইদৰে নলবাৰীৰ বিধায়ক অশোক শৰ্মাই বৰকুৰা প্ৰাথমিক বিদ্যালয়ৰ কেন্দ্ৰত ভোটদান কৰে।
নলবাৰীৰ জানিগোগ প্ৰাথমিক বিদ্যালয়ৰ (কৰেবাৰী) ভোটকেন্দ্ৰত বৃহস্পতিবাৰে বিয়লিৰ ভাগত এগৰাকী যুৱতীয়ে ভোট দিয়াৰ সময়ত ভোটাধিকাৰৰ বাবে নিৰ্বাচন আয়োগে ধাৰ্য কৰা ফটোযুক্ত পৰিচয়পত্ৰখন লগত নথকাক লৈ একাংশ কংগ্ৰেছ কৰ্মীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। অভিযোগ মতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ সম্পৰ্কীয় যুৱতীগৰাকীয়ে ভোট দিবলৈ অহাত সংশ্লিষ্ট বিষয়াই ভোট দিবলৈ অনুমতি প্ৰদান কৰে।
অৱশ্যে জিলা নিৰ্বাচনী বিষয়াই সকলো নাগৰিকক প্ৰদান কৰা ফটোযুক্ত শ্লিপখন তেওঁৰ লগত আছিল। যিখন পত্ৰত যুৱতীগৰাকীৰ নাম, অভিভাৱক, ঘৰৰ ক্ৰমিক নম্বৰ আদি তথ্যসমূহ আছিল। ইয়াকে লৈ একাংশই কেন্দ্ৰটোত চিঞৰ বাখৰ লগোৱাত প্ৰিজাইডিং বিষয়াই ভোটদান পৰ্ব কিছু সময়লৈ বন্ধ ৰাখে। পিছত ন্যায়াধীশ তথা আৰক্ষী উপস্থিত হৈ ঘটনা নিয়ন্ত্ৰণ কৰে আৰু ভোট গ্ৰহণ কাৰ্য পুনৰ আৰম্ভ হয়।