অসম

নলবাৰীৰ ছহিদ স্মৃতি মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভা…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ 'বৰ্তমান প্ৰতিযোগিতাৰ যুগত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ সৈতে প্ৰতিযোগিতা কৰিব লাগে। যি সময়ত যিয়েই নকৰক সম্পূৰ্ণ সততাৰে আৰু এশ শতাংশ উজাৰি কৰা উচিত।'- এই মন্তব্য গুৱাহাটী আই আই টিৰ গণিত বিভাগৰ সহযোগী অধ্যাপক ড° বিকাশ ভট্টাচাৰ্যৰ।

শনিবাৰে নলবাৰী জিলাৰ বেলশৰৰ ছহিদ স্মৃতি মহাবিদ্যালয়ৰ নৱাগত আদৰণী সভাত দিয়া ভাষণত ড° ভট্টাচাৰ্যই এইদৰে কয়। মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্গা কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দিয়া ভাষণ প্ৰসংগত ড° ভট্টাচাৰ্যই শিক্ষাৰ্থীসকলক ম'বাইল ফোন আৰু লেপটপত ন্যূনতম সময়হে কটাবলৈ আহ্বান জনায়।

এই সভাতে মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা ' অভিযাত্ৰী ' উন্মোচন কৰে সমাজকৰ্মী লক্ষী পাটোৱাৰীয়ে। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তাৰিণী প্ৰসাদ বৰ্মনক সম্বৰ্ধনা জনোৱা হয়। সভাৰ শেষত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত পল আকাশ আৰু অচ্যুত পৰাণে গীত পৰিবেশন কৰে।

পুৱাৰ ভাগত ছহিদ স্মৃতি মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্গা কলিতাই পতাকা উত্তোলনেৰে দিনটোৰ কাৰ্যসূচীৰ পাতনি মেলে। তাৰ পিচতে অধ্যাপিকা মঞ্জুৰাণী দেৱীয়ে ছহিদ তৰ্পণ কৰে। মহাবিদ্যালয়ৰ আছু গোটৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়িত কৰে সহকাৰী অধ্যাপক ড° দীনেশ চক্ৰৱৰ্তীয়ে।