অসম

নলবাৰীত ৰাজ্যিক শোক দিৱস পালন…

asomiyapratidin

ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শুকুৰবাৰে দিনৰ ১১ বজাত ৰাজ্যিক শোক দিৱস পালন কৰা হয় । উপায়ুক্ত ভাৰতভূষণ দেৱ চৌধুৰীয়ে তেওঁৰ কাৰ্যালয়ৰ সমূহ বিষয়া – কৰ্মচাৰীক ৰাজ্যিক শোক দিৱসৰ শপত বাক্য পাঠ কৰোৱায় আৰু ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰি ৰখা হয়।

উল্লেখনীয় যে ২০০৪ চনৰ ১৫ আগষ্ট তাৰিখে ধেমাজিত পালন কৰা স্বাধীনতা দিৱসৰ দিনা সন্ত্ৰাসবাদীৰ বোমা বিস্ফোৰণত কেবাগৰাকীও ছাত্ৰ -ছাত্ৰীৰ লগতে কেইজনমান নিৰীহ লোকে মৃত্যুবৰণ কৰিছিল । সেইসকল লোকৰ মৃত্যুৰ বাবে প্ৰতিবছৰে ১৬ আগষ্ট তাৰিখে ৰাজ্যিক শোক দিৱস পালন কৰা হয় ।

শুকুৰবাৰে নলবাৰীৰ উপায়ুক্ত কাৰ্যালয়ৰ লগতে জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ , জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ কাৰ্যালয় , পশুপালন বিষয়াৰ কাৰ্যালয় ,গড়কাপ্তানি গ্ৰাম্য পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় , ৰেচম বিভাগৰ কাৰ্যালয় , ক্ৰীড়া বিষয়াৰ কাৰ্যালয় আদি জিলাখনৰ আন আন কাৰ্যালয়ত ৰাজ্যিক শোক দিৱস পালন কৰা হয় ।