অসম

নলবাৰী জিলা সাহিত্য সভাৰ অনুষ্ঠান, সাহিত্যাচাৰ্য ড° হৰিনাথ শৰ্মা দলৈৰ স্মৃতি দিৱস পালন

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত মঙলবাৰে বিয়লি সভাৰ কাৰ্যালয়ত সাহিত্যাচাৰ্য ড° হৰিনাথ শৰ্মা দলৈল স্মৃতি দিৱস পালন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে ড° হৰিনাথ শৰ্মা দলৈৰ প্ৰতিচ্ছবিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা আৰু নলবাৰী জিলা সাহিত্য সভাৰ মুখপাত্ৰ, সাংবাদিক কমলেশ শৰ্মাই। মাল্যাৰ্পণ কৰে ড° হৰিনাথ শৰ্মা দলৈৰ সৰু জোঁৱায়েক অপূৰ্ব শৰ্মাই। তাৰ পিচতে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় স্মৃতি সভা। অনুষ্ঠান উদ্বোধন কৰে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই।

উদ্বোধনী ভাষণত তেওঁ ড° হৰিনাথ শৰ্মা দলৈৰ সান্নিধ্যৰ বিষয়ে উল্লেখ কৰাৰ লগতে ড° শৰ্মা দলৈৰ 'ভাৰতকোষ' গ্ৰন্থখন অসমীয়া সাহিত্যৰ অন্যতম মাইলৰ খুঁটি বুলি কয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লয় নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই। বিধায়ক শৰ্মাই তেওঁৰ ভাষণত বিশিষ্ট পণ্ডিত ড° হৰিনাথ শৰ্মা দলৈক জীৱিত কালত যথাযথ গুৰুত্ব নিদিয়া বুলি আক্ষেপ প্ৰকাশ কৰে। তেওঁ সাহিত্য সভাক নতুন প্ৰজন্মক উৎসাহ যোগাই সাহিত্য ক্ষেত্ৰলৈ উলিয়াই আনিবলৈ আহ্বান জনায়।

'সমালোচনাত্মক সাহিত্যলৈ ড° হৰিনাথ শৰ্মা দলৈৰ অৱদান' বিষয়ত আলোচনা আগবঢ়ায় বৰভাগ কলেজৰ অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাই। তেওঁ কয় যে ড° হৰিনাথ শৰ্মা দলৈৰ জীৱন সংঘাতপূৰ্ণ সময়েৰে আগবাঢ়িছিল। প্ৰায় ডেৰকুৰি গ্ৰন্থ প্ৰণয়ন কৰা ড° শৰ্মা দলৈৰ গৱেষণামূলক গ্ৰন্থসমূহত সুস্থ সমাজৰ ছবি পোৱা যায় বুলিও তেওঁ মন্তব্য কৰে। জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা অনুষ্ঠানত সম্মানীয় অতিথি হিচাপে ভাগ লয় নলবাৰী জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰী, নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদীপ ডেকা , নলবাৰী হৰি মন্দিৰৰ সম্পাদক নগেন ডেকা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোৱিন্দ কলিতা আৰু ডাঃ কামেশ্বৰ লহকৰে।

এই অনুষ্ঠানতে ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সংস্কৃত বিষয়ত নলবাৰী জিলাৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা বিদ্যাৰ্থী সাধনা শৰ্মালৈ সাহিত্যাচাৰ্য ড° হৰিনাথ শৰ্মা দলৈৰ পত্নী শশীপ্ৰভা দেৱীৰ স্মৃতিত বঁটা প্ৰদান কৰা হয়। বনশ্ৰী গোস্বামীৰ এটা ভজনেৰে আৰম্ভ হোৱা অনুষ্ঠানৰ শেষত ড° শৰ্মা দলৈৰ কন্যা অঞ্জনা দেৱীয়ে সকলোৰে প্ৰতি শলাগ যাচে।