অসম

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত সমাজ হিতৈষী মহেন্দ্ৰ নাৰায়ণ চৌধুৰীক স্মৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰী: 'নলবাৰীৰ সুসন্তান মহেন্দ্ৰ নাৰায়ণ চৌধুৰীক নতুন প্ৰজন্মই ভগৱান হিচাপে গণ্য কৰিব। তেওঁ বালিকাৰ শিক্ষাৰ বাবে শিক্ষানুষ্ঠান স্থাপনেৰে সেই সময়তে শিক্ষা ব্যক্তিগতকৰণৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছিল । মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যালয় আৰু পৰৱৰ্তী সময়ত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় খুলি জমাৰ নহয়; খৰচৰহে বাট মুকলি কৰি বদান্যতাৰ পৰিচয় দিছিল । তেওঁ নাৰী সবলীকৰণৰ বাবে বিদ্যালয়, মহাবিদ্যালয় খুলি অনন্য চিন্তাৰ পৰিচয় দাঙি ধৰিছিল ।'- এই মন্তব্য কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ডঃ সুশান্ত কুমাৰ কাশ্যপৰ ।

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী সাহিত্য সমাজৰ সহযোগত পালন কৰা স্ত্ৰীশিক্ষাৰ দিগ্‌দৰ্শী, বিশিষ্ট শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰী স্মৃতি দিৱসত 'স্ত্ৰীশিক্ষাত মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ অৱদান আৰু সাম্প্ৰতিক পৰিস্থিতি' শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰি তেওঁ লগতে কয় যে- সাহিত্যৰ প্ৰতি দুৰ্বাৰ হেঁপাহ থকাৰ বাবেই মহেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে নলবাৰী জিলা সাহিত্য সভা আৰু নলবাৰী সাহিত্য সমাজক নিজে সজা ঘৰ দান দিছিল । তেওঁৰ লেখাবোৰ অতি প্ৰয়োজনীয় আৰু আজিও প্ৰাসংগিক হৈ আছে । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিয়ে চৌধুৰীৰ 'বিচাৰ' নামৰ প্ৰবন্ধ পুথিখনৰ যোগাত্মক সমালোচনা আগ বঢ়াই পঢ়ুৱৈৰ দৃষ্টি আকৰ্ষণ কৰিছে । অকল নলবাৰীতে নহয় অসমতো চৌধুৰীৰদৰে বদান্যতাৰ লোক বিচাৰি পাবলৈ টান হ'ব । তেওঁ ধনৱান আছিল সঁচা, তাৰ লগতে সমাজ পৰিৱৰ্তনতো আগ ভাগ লৈছিল ।

মহেন্দ্ৰ নাৰায়ণ চৌধুৰী স্মৃতি দিৱস উপলক্ষে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ সন্মুখত থকা শিক্ষাসেৱক মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুলচন্দ্ৰ শৰ্মাই । মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে নলবাৰী জিলা মহিলা সমিতিৰ সভাপতি পুণ্যময়ী বৰকাকতী, সাহিত্যিক পেন্সন প্ৰাপক বিমলা দেৱী আৰু সমাজসেৱিকা শকুন্তলা চৌধুৰীয়ে । মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট শিক্ষাসেৱক গৰাকীৰ নাতি বোৱাৰী শেৱালি চৌধুৰীয়ে ।

নলবাৰী সাহিত্য সমাজৰ সম্পাদক নৱকুমাৰ তালুকদাৰে আঁত ধৰা এই অনুষ্ঠানৰ পাছতে নলবাৰী সাহিত্য সমাজৰ সভাঘৰত আয়োজিত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী স্মাৰক সভাত পৌৰোহিত্য কৰি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে- মহেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে লেখাৰ মাজেৰে সমকালীন সমাজ এখনৰ প্ৰতিচ্ছবি দাঙি ধৰিছিল । স্ত্ৰীশিক্ষাৰ বাবে তেওঁ চিৰদিন বন্দিত হৈ থাকিব । এইগৰাকী মহান লোকক নতুন প্ৰজন্মই জানিব লাগে আৰু বুজিব লাগে বুলিও তেওঁ দোহাৰে ।

বদান্যতা আৰু অমলিন সমাজহিতৈষী মনোভাবেৰে সমাজলৈ আগ বঢ়োৱা তুলনা বিহীন অৱদানৰ বাবে অসমৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী এটি ফৰিংফুটা নাম হিচাপে জিলিকি থকাৰ কথা উল্লেখ কৰি মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ বিজ্ঞান মনস্কতাৰ পৰিচয় দিয়া চিন্তা–কৰ্ম যুগে যুগে বন্দিত হ'ব বুলি দোহাৰি নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠানৰ উদ্দেশ্য ব্যখ্যা আগবঢ়ায় ।

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি নলবাৰী সাহিত্য সমাজৰ সভাপতি ডঃ লীনা ডেকাই কয় যে- আজিৰ নলবাৰীৰ বিখ্যাত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় বা মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যালয় শিক্ষাসেৱকগৰাকীয়ে হৃদয়েৰে স্থাপন কৰিছিল । তেওঁ আনক দেখি একাধিক পুথি লিখা নাছিল । সেয়া আছিল সময়ৰ দাবী । তেওঁৰ সৃষ্ট শিক্ষানুষ্ঠান বা সাহিত্য হৃদয়ৰপৰা ওলাইছিল, যাৰ মিঠা ফল এতিয়া আমি পাই আছোঁ বুলিও বিশিষ্ট সাহিত্যক ডঃ লীনা ডেকাই কয় । স্মাৰক সভা উদ্বোধন কৰি নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমানাথ বৰুৱাই একোটা বংশত খুব সংখ্যক মহান লোকৰ জন্ম হয় বুলি উল্লেখ কৰি আক্ষৰিক অৰ্থত কম পঢ়া হ'লেও মহেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে শিক্ষা আৰু সামাজিক ক্ষেত্ৰলৈ আগ বঢ়োৱা অৱদানেৰে তেওঁ চৌধুৰী বংশটোত এগৰাকী বিশিষ্ট ব্যক্তিত্বৰ লোক হিচাপে পৰিচয় দি যোৱা বিষয়ে ব্যাখ্যা আগ বঢ়ায় ।

অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিনচন্দ্ৰ কলিতাই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত কয় যে- নলবাৰী জিলা সাহিত্য সভা গঠনৰ দিনাই ঘৰ বা কাৰ্যালয় পোৱা অসমৰ একমাত্ৰ জিলা সভা হিচাপে পৰিগণিত হৈছিল চৌধুৰীৰ বদান্যতাৰ বলতহে । নতুন প্ৰজন্মই তেওঁৰ জীৱন কৃতিৰ বিষয়ে সহজতে পাব পৰাকৈ ব্যৱস্থা লোৱাৰ দিশতো নলবাৰী জিলা সাহিত্য সভাৰ পূৰ্বকালীন সভাপতি আৰু বৰ্তমানৰ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যগৰাকীয়ে গুৰুত্ব আৰোপ কৰে ।স্মাৰক সভাৰ পূৰ্বে নলবাৰী জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ডঃ অনুপম কলিতা, কাৰ্যালয় সম্পাদক মৃণ্ময় শৰ্মা, লেখিকা কবিতা ডেকা তালুকদাৰ, শেৱালি কাকতী, সুনীল শৰ্মা আৰু নৱদীপ বৰকটকীয়ে মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি ঘোষণা কৰা হয়।