অসম

ছাত্ৰ ছাত্ৰীৰ মাজত স্কুল বেগ বিতৰন নলবাৰী জিলা সাহিত্য সভাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাই বানাক্ৰান্ত অঞ্চলৰ কেইখনমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত স্কুল বেগ বিতৰন কৰিছে। জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাৰ নেতৃত্বত নলবাৰী জিলা সাহিত্য সভাৰ এটি সজাতি দলে যোৱা ১৪ আগষ্টত নলবাৰী জিলাৰ বানপীড়িত বকুৱাঝাৰি গাঁৱত পূৱনামবৰভাগ জাতীয় বিদ্যালয় আৰু পূৱ নামবৰভাগ প্ৰাথমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীলৈ কিছুসংখ্যক ছাত্ৰ ছাত্ৰীৰ মাজত বিদ্যালয়লৈ নিয়া বেগ বিতৰন কৰে ৷

সজাতি দলটোত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য গোবিন্দ কলিতা , নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক অতুল চন্দ্ৰ শৰ্মা , আকাশ উপ সমিতিৰ আহ্বায়ক কবিতা ডেকা তালুকদাৰ আৰু সদস্য শেৱালি কাকতিয়ে সহযোগ কৰে ৷ নলবাৰী জিলা সাহিত্য সভাই আন কেইখনমান বিদ্যালয়তো এই সাহায্য বিতৰন কৰিবলৈ পৰিকল্পনা কৰিছে বুলি জনাইছে ৷।