অসম

নলবাৰীত ৭১ সংখ্যক গণৰাজ্য দিৱসত পতাকা উত্তোলন মন্ত্ৰী ভৱেশ কলিতাৰ

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ নলবাৰীত দেওবাৰে পালন কৰা হয় ৭১ সংখ্যক গণতন্ত্ৰ দিৱস পালন। গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ভৱেশ কলিতাই। মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলনৰ পিচতে অসম পুলিচ, বিভিন্ন মহাবিদ্যালয়ৰ লগতে বিভিন্ন বিদ্যালয় তথা শিক্ষানুষ্ঠান সমূহৰ দ্বাৰা প্ৰদৰ্শন কৰা মাৰ্ছ পাষ্টৰ অভিবাদন গ্ৰহণ কৰে। ইয়াৰ উপৰিও নলবাৰীৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৃত্য প্ৰদৰ্শন কৰে উক্ত কাৰ্য্যসূচীত। 

ইয়াৰ পিছতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ভালে সংখ্যক ব‍্যক্তিক মন্ত্ৰী কলিতাই বঁটা প্ৰদান কৰে। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীৰ মাত্ৰু বন্দনা যোজনা আঁচনিৰ সফল ৰূপায়ণৰ বাবে ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ সংহত শিশু উন্নয়ন প্ৰকল্পলৈ আগবঢ়াই "Best lCDS project for outstanding performance" বঁটা।

এই বঁটা মন্ত্ৰী ভৱেশ কলিতা, নলবাৰী বিধায়ক অশোক শৰ্মা, উপায়ুক্ত ভাৰভ ভুষণ দেৱ চৌধুৰীয়ে ঘগ্ৰাপাৰ চি ডি পি অ' মঞ্জৰী ডেকাৰ হাতত অৰ্পন কৰে। ইফালে উক্ত অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত সোণকুৰীহা গাঁওৰক্ষী বাহিনীৰ সভাপতি পৰেশ লহকৰক নলবাৰী জিলাৰ ভিতৰতে "Best vdp" ৰ বঁটা প্ৰদান কৰে। এই বঁটা দুয়োটাই বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চললৈ সন্মান কঢ়িয়াই আনে।