অসম

নলবাৰীত সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তীৰ স্মৃতিচাৰণ সভা…

asomiyapratidin

প্ৰতিদিন সংবাদ, নলবাৰীঃ বিশিষ্ট শিক্ষাবিদ, সাংবাদিক প্ৰমোদ চন্দ্ৰ চক্ৰৱৰ্তীৰ প্ৰতি একাজলি শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ সভা শনিবাৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হয়। নলবাৰী ছহিদ ভৱন বাকৰিত আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰয়াত শিক্ষাবিদ গৰাকীৰ প্ৰতিকৃতিত মাল্যাৰ্পণেৰে সহধৰ্মিনী পমী চক্ৰৱৰ্তীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। প্ৰতিকৃতিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে পুত্ৰ পংকজ চক্ৰৱৰ্তীয়ে।

ইয়াৰ পিচত একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলাখনত বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ, প্ৰতিনিধি আৰু ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দিনৰ ১২ বজাত জিলা সাংবাদিক সন্থাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা। জিলা সাংবাদিক সন্থাৰ যুটীয়া সাধাৰণ সম্পাদক বসন্ত দাসে আঁত ধৰা সভাত উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ দিয়ে জিলা সাংবাদিক সন্থাৰ প্ৰধান সম্পাদক ৰমেন কলিতাই।

জিলা ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ, সাহিত্য সভা, জিলা প্ৰেছ ক্লাব, নলবাৰী প্ৰেছ ক্লাব, জ্যেষ্ঠ নাগৰিক সন্থাকে ধৰি ভালেসংখ্যক বিশিষ্ট নাগৰিকৰ উপস্থিতিত অনুষ্ঠিত স্মৃতিচাৰণ সভাখন উদ্ধোধন কৰে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে। সভা উদ্ধোধন কৰি নাথে কয়- কৰ্ম সংস্কৃতি থকা লোকসকল সমাজত অনুকৰণীয়। নলবাৰীৰ সমাজ জীৱনত চক্ৰৱৰ্তীয়ে নিজৰ শিক্ষক জীৱনৰ মাজেৰে জিলাখনত পৰা সংবাদসেৱা কৰি তাৰেই নমুনা দেখুৱাই থৈ গৈছে। তেওঁ শিক্ষাবিদ তথা সাংবাদিক গৰাকীৰ স্মৃতি মানুহৰ মাজত জীয়াই ৰাখিব বুলি উল্লেখ কৰে।

সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি "দৈনিক অসম" কাকতৰ কাৰ্যবাহী সম্পাদক মুনীন বায়নে সাংবাদিক চক্ৰৱৰ্তীয়ে সুদীৰ্ঘকাল ধৰি দৈনিক অসম আৰু আছাম ট্ৰিবিউনত কৰা সংবাদসেৱাৰ বিষয়ে স্মৃতিচাৰণ কৰে। তেওঁ কয়- ১৯৬২ চনৰ আগষ্টত জন্ম হোৱা দিনৰে পৰা চক্ৰৱৰ্তীয়ে দুয়োখন কাকততে সংবাদসেৱা কৰিছিল।ভাষণ প্ৰসংগত তেওঁ চক্ৰৱৰ্তীয়ে সংবাদসেৱাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি সেই সময়ত সংবাদসেৱাৰ ক্ষেত্ৰত চৰম প্ৰত্যাহ্বানৰ মাজতো এজন দায়বদ্ধ সাংবাদিকৰ পৰিচয় দিছিল।

তদুপৰি তেওঁ সংবাদসেৱাৰ ভাষা, বাক্যৰ গাঁথনিত মিতব্যায়িতা অৱলম্বন কৰাটো লক্ষ্যণীয় দিশ আছিল বুলি উল্লেখ কৰে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি 'অসমীয়া প্ৰতিদিন' কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই স্মৃতিচাৰণ কৰি কয়- প্ৰমোদ চক্ৰৱৰ্তীয়ে জাতীয় চেতনাৰে সমৃদ্ধ হৈ ত্যাগৰ মনোবৃত্তিৰে সাংবাদিকতা কৰিছিল। তেওঁ বৰ্তমানৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত আলোকপাত কৰি কয় যে মফচলীয় সাংবাদিকসকলৰ অৱস্থা অতি দুখ লগা। সামাজিক স্বীকৃতিও তেওঁলোকৰ নাই। সাংবাদিক সকলক ৰাইজে সুৰক্ষা দিব লাগিব বুলি উল্লেখ কৰি মহন্তই কয় যে সাংবাদিকৰ অপকৰ্মৰ ক্ষেত্ৰতো ৰাইজে সতৰ্ক কৰি দিব পাৰিব লাগিব।

প্ৰসংগক্ৰমে মহন্তই নতুন প্ৰজন্মৰ অধিকাংশ সাংবাদিকৰে শিকাৰ আগ্ৰহ নাই বুলি উল্লেখ কৰি কয় যে স্বকীয়তা নাথাকিলে পৰিচয় নাথাকিব। ইপিনে স্বাভিমানী অসমীয়াই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখাৰ পিচতো কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে নিশা দেশজুৰি 'কা' বলবৎ কৰা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে জ্যেষ্ঠ সাংবাদিক মহন্তই।

সভাত নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতাই প্ৰমোদ চন্দ্ৰ চক্ৰৱৰ্তীয়ে একাগ্ৰতাৰে সংবাদসেৱা কৰা বুলি উল্লেখ কৰি চক্ৰৱৰ্তীৰ সৈতে একেলগে দুৰ্যোগৰ সময়ত সংবাদসেৱা কৰাৰ কথা স্মৰণ কৰে। অনুষ্ঠানত নলবাৰী কলেজৰ অধ্যক্ষ ড° দীপক গোস্বামী, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱা, সদৌ অসম সাংবাদিক সন্থাৰ সম্পাদক নকুল তালুকদাৰ আৰু পুত্ৰ পংকজ চক্ৰৱৰ্তীয়ে প্ৰয়াত চক্ৰৱৰ্তীৰ স্মৃতিচাৰণ কৰে। অনুষ্ঠানত দোস্ত হান্নানে এটা গীত পৰিবেশন কৰাৰ লগতে সত্যেন দত্তই বাঁহীৰ সুৰেৰে স্মৃতিচাৰণ সভা জীপাল কৰি তোলে।