অসম

ঘগ্ৰাপাৰৰ ৰেজেক আলী ফুটবলত ‘মাছা’ চুড়ান্ত বিজয়ী…

asomiyapratidin

ডিজিটেল সংবাদ,বৰনৰ্দ্দীঃ ঘগ্ৰাপাৰ ক্ৰীড়া সন্থাৰ উদ্দোগত ঘগ্ৰাপাৰ  হাইস্কুল খেলপথাৰত চলি থকা ৰেজেক আলী সোঁৱৰণী চলন্ত ট্ৰফ্ৰী  ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে অনুষ্ঠিত ফাইনেল খেলখন   মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা(মাছা)আৰু ডি এফ চি ছয় গাঁওৰ  মাজত অনুষ্ঠিত  হয়  ।

খেল  খনত  ১-০ গলৰ ব্যৱধানত  মুকালমুৱা আঞ্চলিক ক্ৰীড়া সংঘ (মাছা ) দলে  চুড়ান্ত  বিজয়ীৰ খিতাপ অৰ্জন কৰে।বিজয়ী  দলটোৰ হৈ একমাত্ৰ গলটো দিয়ে মন্টু আলীয়ে। খেলখনত শ্ৰেষ্ঠ  গলকীপাৰৰ বঁটা লাভ কৰে মাছাৰ  টিকুৱে ।

খেলখন আনুষ্ঠানিকভাৱে মুকলি কৰে সাংসদ দিলীপ  শইকীয়াই। ভাষণ প্ৰসংগত তেও আগত দিনত ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰখন  অধিক উন্নত  কৰাৰ বাবে উদ্যোগ  লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব ।