অসম

বিজয়া দশমীত নলবাৰী জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা, ঘোষণা কৰিলে ড্ৰাই ডে…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ শাৰদীয় দুৰ্গা পূজাৰ বিজয়া দশমী উপলক্ষে মঙলবাৰে নলবাৰী জিলা প্ৰশাসনে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। নলবাৰী চহৰৰ ওচৰৰ পাগলাদিয়া ঘাটত বিজয়া দশমীৰ দিনা দেৱী দুৰ্গাৰ বিসৰ্জনৰ বাবে নলবাৰী জিলা প্ৰশাসনৰ তৰফৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰীৰ নিৰ্দেশ মৰ্মে সোমবাৰে পাগলাদিয়া ঘাটত অতিৰিক্ত উপায়ুক্ত উদয়াদিত্য গগৈ, গুণজিত ৰয় চৌধুৰী, নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনশ্ৰী ডেকা, চক্ৰ বিষয়া (সংলগ্ন) ঋতুপৰ্ণা ভদ্ৰ, চিকিৎসা বিষয়া ডাঃ নলিনী বৰ্মন সমন্বিতে জিলা প্ৰশাসনৰ বিষয়াসকলে পাগলাদিয়া ঘাটত উপস্থিত হৈ দেৱী বিসৰ্জন সুকলমে পৰিচালনা কৰাৰ বাবে ঘাটত এখন সভা অনুষ্ঠিত কৰে।

ঘাটটোত দেৱী বিসৰ্জনৰ সময়ত যাওতে গাড়ীসমূহ যোৱা বাট এক্সেভেটৰেৰে ঠিক কৰা হয়। অগ্নি নিৰ্বাপক আৰু আপদকালীন বিভাগে এখন ৰবৰ বোটৰ ব্যৱস্থা কৰিছে। ঘাটত চিকিৎসক তথা নাৰ্চো থাকিব। পৰ্যাপ্ত পোহৰৰ ব্যৱস্থাও কৰা হ'ব। নলবাৰী জিলাৰ চামতা, বেলশৰ, সাহপুৰ, টিহু আদি অঞ্চলৰ দেৱী বিসৰ্জনৰ ব্যৱস্থা সংশ্লিষ্ট চক্ৰ বিষয়াসকলে কৰিব।

আনহাতে বিজয়া দশমী আৰু মহাপুৰুষ শংকৰদেৱৰ জন্ম তিথি উপলক্ষে ৮ অক্টোবৰ তাৰিখে আবকাৰী আইন ২০০০ অনুসৰি ৰাইজৰ মাজত শান্তি শৃংখলা অটুত ৰখাৰ উদ্দেশ্যে জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে জিলাখনত সকলো ধৰণৰ সুৰাৰ দোকান বন্ধ ঘোষণা কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলে আইনমতে বিহিত ব্যৱস্থা ল'ব বুলিও কোৱা হৈছে।