অসম

আল্লিয়াত আমছুৰ সজাগতামূলক সমদল…

asomiyapratidin
                                                              ডিজিটেল সংবাদ, বৰনৰদ্দীঃ সমাজ খনত দৈনিক বৃদ্ধি পাই অহা হত্যা, ধৰ্ষণ,লুন্ঠন, অপহৰণকে ধৰি বিভিন্ন অপৰাধজনিত কাৰ্য প্ৰতিৰোধ কৰক , কু-সংস্কাৰ , অন্ধবিশ্বাস দুৰ কৰক , বাল্য বিবাহ , বহু বিবাহৰ পৰা সমাজক মুক্ত কৰক , দুটাতকৈ অধিক সন্তান জন্ম দিয়া বন্ধ কৰক , নাৰী সাৱলীকৰণত গুৰুত্ব দিয়ক আদি শ্লোগানেৰে বুধবাৰে এক সজাগতামুলক সমদল বাহিৰ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে ।আমছুৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত আল্লিয়া আঞ্চলিক সমিতিয়ে আজি দিনৰ ভাগত ঘগ্ৰাপাৰ ৰাজহৰ অন্তৰ্গত আল্লিয়া মিলন বজাৰৰ পৰা এক সমদল উলিয়াই অঞ্চলটো পৰিভ্ৰমণ কৰে।আজি আমছুৱে ভালেসংখ্যক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত এই সজাগতামুলক সমদল বাহিৰ কৰি ছাত্ৰ ছাত্ৰী তথা ৰাইজক সজাগ কৰাৰ চেষ্টা কৰাৰ লগতে চৰকাৰৰ দৃষ্টি গোচৰ কৰায় ।