অসম

কাব্যালোচনীৰ দুষ্কাৰ্যৰ প্ৰতিবাদত নলবাৰীত সংবাদমেল

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ বিশিষ্ট চকু চিকিৎসক, লেখক ডাঃ শুভ্ৰকিংকৰ গোস্বামীৰ নাম সংলগ্ন কৰি 'গজালি' নামৰ এখন জেপ কাব্যালোচনীয়ে চলিত সংখ্যাত প্ৰথিতযশা কবি হীৰেন ভট্টাচাৰ্যৰ এটি কবিতা প্ৰকাশ কৰাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে দুষ্কাৰ্যৰ প্ৰতিবাদত বুধবাৰে বিয়লি এখন সংবাদমেলত কাব্যালোচনী গোষ্ঠীটোৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়ে।

নলবাৰীৰ নন্দেশ্বৰ শইকীয়া সভাগৃহত আয়োজিত সংবাদমেলত ডাঃ গোস্বামীয়ে কয় যে 'গজালি'ৰ তৰফৰ পৰা কোনো ব্যক্তি বিশেষে তেওঁৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰি কোনো দিনে কোনো কবিতা বা লিখনি বিচৰা নাই। তদুপৰি গজালিৰ সম্পাদক বা সম্পাদনা সমিতিৰ কাৰো লগত ডাঃ গোস্বামীৰ কোনো সম্পৰ্কও নাই।

এনেস্থলত কাব্যালোচনীখনত হীৰুদাৰ এটা বিখ্যাত কবিতা তেওঁ লিখা বুলি প্ৰকাশ কৰিছে । এই অপকৰ্মই তেওঁক আচৰিত কৰাই নহয় তেওঁৰ সন্মান হানি কৰাৰ লগতে স্বনামধন্য কবিগৰাকীকো অপমান কৰা বুলি কয় ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়ে। জেপ কাব্যালোচনীখনৰ এনে অবাঞ্ছিত কাৰ্যই সমাজত অশুভ পৰম্পৰাৰ সৃষ্টি কৰিব বুলিও তেওঁ উল্লেখ কৰে। গজালিৰ সম্পাদক শংকৰ শৰ্মাসহ সংশ্লিষ্ট পক্ষই অতি শীঘ্ৰে হীৰেন ভট্টাচাৰ্যৰ পৰিয়াল আৰু তেওঁৰ ওচৰত লিখিতভাবে ক্ষমা প্ৰাৰ্থনা কৰাৰ দাবী জনায় ডাঃ শুভ্ৰকিংকৰ গোস্বামীয়ে।

অন্যথা তেওঁ আদালতৰ দ্বাৰস্থ হ'ব বুলিও সকীয়াই দিয়ে। সংবাদমেলত উপস্থিত থকা বিশিষ্ট কবি লেখক পংকজগোবিন্দ মেধিয়ে গজালিৰ কাণ্ডত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে নলবাৰীত এতিয়া একাংশই কবিতাৰ নামত উদ্ভণ্ডালি আৰম্ভ কৰিছে। সংবাদমেলত ডাঃ অৰুন বৰ্মন,দক্ষিণ নলবাৰী মহাবিদ্যালয়ৰ প্ৰবক্তা দ্বিজেন্দ্ৰনাৰায়ণ শৰ্মা আৰু যুৱনেতা দিলজিৎ বৰ্মনো উপস্থিত থাকে। তেওঁলোকেও গজালিৰ এনে কাৰ্যই সমাজত বিশেষকৈ সাহিত্য ক্ষেত্ৰত কু-প্ৰভাৱ পেলোৱাৰ আশংকা কৰে আৰু বিষয়টোৰ এটা সু-মীমাংসাৰ বাবে আগবাঢ়ি আহিবলৈ কাব্যালোচনী গোষ্ঠীটোৰ প্ৰতি আহ্বান জনায়।।