অসম

নলবাৰী আলোকপুৰৰ যুৱক সন্ধানহীন

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ দেওবাৰৰ পুৱাৰে পৰা নলবাৰীৰ আলোকপুৰ ১০ নং ৱাৰ্ডৰ বাসিন্দা প্ৰমোদ শৰ্মাৰ কনিষ্ঠ পুত্ৰ নিতুল শৰ্মা সন্ধানহীন হৈ আছে। জানিব পৰা মতে ২৮ বছৰীয়া যুৱকজনে দেওবাৰে পুৱাৰ ভাগত ঘৰৰ পৰা ওলাই গৈ সোমবাৰ পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত পৰিয়ালটোত হাহাকাৰময় পৰিস্হিতিৰ সৃষ্টি হৈছে।

পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰ খোচাৰ কৰিও নিতুলৰ সন্ধান নোপোৱাত পৰিয়ালটোত হাঁহাকাৰৰ সৃষ্টি হৈছে। বিষয়টো সন্দৰ্ভত সোমবাৰে নিৰুদ্দিষ্ট পৰিয়ালৰ লোকে নলবাৰী থানাত এখন এজাহাৰ দাখিল কৰিছে।