অসম

নলবাৰীত জাতীয় বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থীক সম্বৰ্ধনা

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ অন্তৰ্ভুক্ত জাতীয় বিদ্যালয়সমূহৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ বাবে দেওবাৰে কৈঠালকুছিৰ অসম কেশৰী জাতীয় বিদ্যালয়ত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীসকলকো সম্বৰ্ধনা জনোৱা হয়।

জিলা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি অমল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কৃতী ছাত্ৰ ছাত্ৰীসকলক অভিনন্দনপত্ৰ ,গছপুলি আৰু কলমেৰে অভিনন্দন জনোৱা হয়। লগতে সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধানসকলক গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।

সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক ৰঞ্জন কুমাৰ ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু অসম কেশৰী জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক পাঠকে আদৰণী ভাষণ দিয়া অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে অসম কেশৰী জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ দাস, শিক্ষাবিদ চণ্ডীচৰণ বৰ্মন, কৃতী শিক্ষক বৰেণ্য গোস্বামী আৰু সমাসেৱী কুতুবুদ্দিন আহমেদ।

সভাপতিৰ আসনৰ পৰা দিয়া ভাষণ প্ৰসংগত অমল ডেকাই কয় যে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ জয়যাত্ৰাৰ এয়া আৰম্ভণিহে। সেয়ে তেওঁলোকে সাহসেৰে প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব।ছাত্ৰ ছাত্ৰীসকলক আত্মবিশ্বাসেৰে জগত সভাত খোজ দিবলৈ তেওঁ আহ্বান জনায়। অনুষ্ঠানত জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে গীত মাত পৰিবেশন কৰে।।