অসম

নলবাৰীৰ চামতাত ৫টা জহামলৰ পোৱালি উদ্ধাৰ…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ চামতাৰ চাৰিজন যুৱকে শুকুৰবাৰে বন্যপ্ৰাণী সুৰক্ষাৰ এক নিদৰ্শন দাঙি ধৰিলে। যুৱককেইজনে উদ্ধাৰ কৰিলৈ পাঁচটাকৈ বিলুপ্তপ্ৰায় জহামলৰ পোৱালি। উল্লেখনীয় যে চামতাৰ জামৰতলৰ মন্দিৰৰ কাষত থকা এডাল ঔ গছ শুকুৰবাৰে কটা হৈছিল।কিন্তু ইয়াৰ খোৰোঙত আছিল পাঁচটাকৈ জহামলৰ পোৱালি।

পোৱালিকেইটা পৰিলক্ষিত কৰি নিপলজ্যোতি তালুকদাৰ ,দ্বীপেন তালুকদাৰ,ভগবান তালুকদাৰ আৰু জোন তালুকদাৰে বনৰ মাজত বিপদসংকুলভাবে বিচৰণ কৰি থকা জহামলৰ পোৱালিকেইটা উদ্ধাৰ কৰি নলবাৰীৰ ছাত্ৰ নেতা তথা প্ৰকৃতিপ্ৰেমী হিমান বৰ্মনৰ সৈতে যোগাযোগ কৰে।

তাৰ পাছতে বৰ্মনৰ তত্বাৱধানত নলবাৰী জিলা আছুৰ কাৰ্যালয়লৈ পোৱালিকেইটা আনি নলবাৰী ৰাজ্যিক পশু চিকিৎসালয়ক অৰ্পণ কৰা হয়। চিকিৎসালয় কৰ্তৃপক্ষই জহামলৰ পোৱালিকেইটাক শুশ্ৰূষা আৰু প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি বন বিভাগক চমজাই দিয়ে।