অসম

নলবাৰী জিলাত বিভিন্ন কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন…

asomiyapratidin

ডিজিটেল সংবাদ, টিহুঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা সমিতিৰ ব্যৱস্থাপনাত পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ দুলুমণি ডেকাৰ বিশেষ পৰামৰ্শেৰে নলবাৰী জিলা শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত দেওবাৰে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে চেনিকুছি হাইস্কুলত মহিলাৰ বাবে এক বিনামূলীয়া চিকিৎসা শিৱিৰৰ আয়োজন কৰা হয় ।

চিকিৎসা শিৱিৰৰ আৰম্ভণিতে সমিতিৰ সভাপতি নিৰুপমা হালৈ আৰু সম্পাদক দীপালি পাঠকৰ পৰিচালনাৰে হোৱা গছপুলি ৰোপণ কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য অৰৱিন্দ দাস, পূব নলবাৰী মিলন আঞ্চলিকৰ সভাপতি পানী নাৰায়ণ কোঁৱৰ আৰু চেনিকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী যামিনী দাসে অংশ লয় ।

ইয়াৰ পাছতে মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী স্বৰ্ণলতা খাউণ্ডে উদ্বোধন কৰা চিকিৎসা শিৱিৰত অঞ্চলটোৰ ১০৩ গৰাকী মহিলাৰ বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে কেবাগৰাকী মহিলাৰ তেজ পৰীক্ষা কৰা কাৰ্যসূচী ডাঃ উৰ্মি দেৱী চৌধুৰী, ডাঃ আব্দুল হামিদ চৌধুৰী, ডাঃ নিপন ডেকা, ডাঃ প্ৰিয়ম কুমাৰ চাগ্ৰৱালী আৰু ডাঃ দুৰ্লভ পাঠকে ৰূপায়ণ কৰে ।

আকৌ টিহু আঞ্চলিক জ্ঞানজ্যোতি মহিলা পৰিষদৰ উদ্যোগত দেওবাৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় । এই উপলক্ষে টিহুৰ হাটখলাত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অৱসৰী শিক্ষয়িত্রী তথা পৰিষদৰ সভাপতি চন্দ্ৰপ্ৰভা হুজুৰী বৰ্মনৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত 'আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য আৰু সাম্প্ৰতিক সমাজত নাৰীৰ সমস্যা: ইয়াৰ সমাধানৰ উপায়' সন্দৰ্ভত সত্তোৰ্ধৰ কবি জয়মতী তালুকদাৰ, সুলেখিকা অনিমা দেৱী, শিক্ষয়িত্রী ক্ৰমে- জুনু গোস্বামী, মীনা তালুকদাৰ আৰু দীপাঞ্জলি পাঠক, সমিতিৰ সদস্যা পূৰ্ণিমা তালুকদাৰ আৰু সুষ্মিতা সেনে ভাষণ আগবঢ়ায় ।

জয়মতী তালুকদাৰ ৰচিত আৰু মনোৰঞ্জন ডেকাই সুৰাৰোপিত আৰম্ভণি গীতেৰে শুভাৰম্ভ কৰা সভাখনত ডঃ ভূপেন হাজৰিকা বৰলুইত বঁটা প্ৰাপক অজিত কুমাৰ শৰ্মাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় । সহকাৰী সম্পাদিকা মীনা তালুকদাৰে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত জয়মতী তালুকদাৰে নাৰী দিৱসৰ ৰচনা পাঠ আৰু অনিমা দেৱীয়ে কবিতা পাঠ কৰে । শেষত অসম সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি কৰা হয় ।

আনহাতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ টিহু মহাবিদ্যালয় গোটৰ উদ্যোগতো টিহু মহাবিদ্যালয় প্ৰেক্ষাগৃহত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে 'নাৰীৰ সামাজিক প্ৰতিবন্ধকতা' শীৰ্ষক মুকলি প্ৰবন্ধ প্ৰতিযোগিতা আৰু সমাজ সংস্কাৰত নাৰীৰ ভূমিকা বিষয়ত চিত্রাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।