অসম

নলবাৰীত হজ যাত্ৰীৰ প্ৰশিক্ষণ শিবিৰ

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ টাউন মোক্তাৱত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে নলবাৰী জিলা হজ কমিটীৰ সহযোগত হজযাত্ৰীসকলৰ প্ৰশিক্ষণ শিবিৰ ।শিবিৰৰ আৰম্ভণিতে হজযাত্ৰীসকলক লৈ এখন সভা অনুষ্ঠিত হয়।সভাত উপস্থিত থাকে উত্তৰ পূৱ হজ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী অধ্যক্ষ নেকিবুৰ জামান। দুগৰাকী প্ৰশিক্ষকে প্ৰশিক্ষণ দিব হজযাত্ৰীসকলক। অহা ৪ জুলাইৰ মক্কাৰ মদিনালৈ হজযাত্ৰাৰ বাবে যাত্ৰীসকল ৰাওনা হ'ব। পবিত্ৰ মক্কাৰ দৰবাৰলৈ হজযাত্ৰাৰ বাবে নলবাৰীৰ পৰাও এটা ৪৭ জনীয়া দল ৰাওনা হ'ব।।