অসম

নলবাৰীত হিৰণ্য কুমাৰ ভট্টাচাৰ্যলৈ শ্ৰদ্ধাঞ্জলি…

asomiyapratidin

প্ৰতিদিন সংবাদ, নলবাৰীঃ অসম আন্দোলনৰ বহু ঘটনা প্ৰবাহৰ আঁৰৰ ব্যক্তি, প্ৰাক্তন আৰক্ষী (আই.পি.এছ) বিষয়া , প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চকুত চকু থৈ প্ৰশ্ন কৰা প্ৰথম অসমীয়া, বিশিষ্ট লেখক নলবাৰীৰ গৌৰৱ হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ প্ৰতি আজি সন্ধিয়া সদৌ নলবাৰী জিলা ছাত্র সন্থাই ৰাজহুৱাভাবে শ্ৰদ্ধাঞ্জলি জনায়। নলবাৰীৰ ছহিদ বাকৰিত অনুষ্ঠিত 'একাঁজলি শ্ৰদ্ধা' শীৰ্ষক অনুষ্ঠানত ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিৰ সম্মুখত প্ৰথমে বন্তি প্ৰজ্বলন কৰে জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু আছুৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই।

জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি শিক্ষা সম্পাদক গৰাকীয়ে হিৰণ্য কুমাৰ ভট্টাচাৰ্যলৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি কয় ভট্টাচাৰ্য জাতীয় চেতনা আৰু সংগ্ৰামী সত্তাৰ অধিকাৰী আছিল। তেওঁ অকল নলবাৰীৰে নহয় সমগ্ৰ ৰাজ্যখনৰে এটি সাহসী সত্তা আছিল। অসম আন্দোলনৰ সময়ত আই পি এছ বিষয়াগৰাকীয়ে কাৰাৰুদ্ধ জীৱন কটোৱাৰ পিচতো তেওঁ চাকৰি ঘূৰাই লোৱা নাছিল।

নলবাৰী জিলাৰ আঠঘৰীয়াত জন্ম গ্ৰহণ কৰা ভট্টাচাৰ্যৰ সাহসী গুণ আৰু আদৰ্শ নৱ প্ৰজন্মৰ বাবে অনুকৰনীয় বুলি উল্লেখ কৰে। ইয়াৰ পিচত বন্তি প্ৰজ্বলন কৰে ভট্টাচাৰ্যৰ ভগ্নী তথা মহিলা নেত্ৰী অনুপমা দেৱী, শিক্ষাবিদ ড° দীনমনি ভাগৱতী, ফনীধৰ ডেকা, মহানন্দ তালুকদাৰ, কবি দীপলিনা দত্ত, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ অধ্যাপক গিৰীন্দ্ৰ ভট্টাচাৰ্য, জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্টাচাৰ্য, সম্পাদক পংকজ বৰ্মন, জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা,সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক কিশোৰ কুমাৰ কলিতা, নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মা, প্ৰধান সম্পাদক ব্ৰজেন তালুকদাৰ,জিলা সাংবাদিক সন্থাৰ প্ৰধান সম্পাদক ৰমেন কলিতা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন, ক্ৰীড়া সম্পাদক হৰিশ গোস্বামী, জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, চিত্ৰশিল্পী অবিনাশ মজুমদাৰ, প্ৰাক্তন ছাত্ৰ নেতা হৰিমোহন তহবিলদাৰ, সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডাঃ বিপিন চন্দ্ৰ কলিতা, ক্ৰীড়া সংগঠক সত্যেন্দ্ৰ শৰ্মা, শিল্পী তপন কলিতা আদিয়ে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ছাত্ৰ সন্থাৰ ভালে সংখ্যক কৰ্মী উপস্থিত থকা অনুষ্ঠানত হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ ভগ্নী অনুপমা দেৱীয়ে জ্যেষ্ঠ ভাতৃৰ স্মৃতিচাৰণ কৰে। হিৰণ্য কুমাৰ ভট্টাচাৰ্যই জীৱিত কালত উচিত সন্মান নাপালে বুলি আক্ষেপ কৰে। ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে ভট্টাচাৰ্যৰ বৰ্ণিল জীৱনৰ আলোকপাত কৰে। বিশিষ্ট বাঁহীবাদক সত্যেন দত্তই বাঁহী বাদনেৰে কৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।