অসম

নলবাৰীৰ জ্ঞানদ্বীপ জাতীয় একাডেমীৰ বাৰ্ষিক উৎসৱৰ সামৰণি…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী বালা মুগকুছি চ'কত অৱস্থিত বৃহত্তৰ অঞ্চলটোৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞানদ্বীপ জাতীয় একাডেমীৰ ১১ সংখ্যক বাৰ্ষিক উৎসৱৰ সোমবাৰে সন্ধিয়া গীত মাতৰ আবেলি অনুষ্ঠানেৰে সামৰণি পৰে। যোৱা ২৪ জানুৱাৰীত পুৱা একাডেমীৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা উৎসৱ উপলক্ষে ছাত্র ছাত্ৰীৰ মাজত চিত্ৰাংকন,কুইজ, সাধুকোৱা,ঠাইতে লিখা ৰচনা,কবিতা আবৃত্তি, সংগীত,ভেশচন আদি প্ৰতিযোগিতা অনুষ্ঠিত হয়।

দেওবাৰে আবেলি অনুষ্ঠিত হয় বঁটা বিতৰণী অনুষ্ঠান। জ্যেষ্ঠ আচাৰ্য অৱনী গোস্বামীয়ে আঁত ধৰা সভাত আমন্ত্ৰিত অতিথিৰ ভাষণ দিয়ে নলবাৰী জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি অমল ডেকাই। তেওঁ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি পৰামৰ্শমূলক ভাষণ দিয়াৰ লগতে জাতীয় বিদ্যালয় স্থাপনৰ উদ্দেশ্য আৰু নীতি -আদৰ্শৰ বিষয়ে ব্যাখ্যা কৰে।

অনুষ্ঠানত জ্ঞানদ্বীপ জাতীয় একাডেমীৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি কমলেশ শৰ্মা আৰু অধ্যক্ষ উমেশ বৰ্মনেও প্ৰাসংগিক ভাষণ দিয়ে। সভাত একাডেমীৰ পৰিচালনা সমিতিৰ সভাপতি হেমচন্দ্ৰ বৈশ্য , সম্পাদক অতুল কলিতা আৰু অৱসৰী শিক্ষক লোহিত চন্দ্ৰ ডেকাও উপস্থিত থাকে।

সোমবাৰে অনুষ্ঠিত হয় 'গীত-মাতৰ আবেলি' শীৰ্ষক বিচিত্ৰানুষ্ঠান। অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট নাট্যশিল্পী যাদব ডেকাই উদ্বোধন কৰা এই অনুষ্ঠানত ছাত্র ছাত্ৰীসকলে গীত-মাত,নৃত্য-নাট আদি পৰিবেশন কৰে।।