অসম

লকডাউন অমান্য, নলবাৰীত ২ যুৱকক আটক

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ বিশ্বত্ৰাস মহামাৰী কোৰোনা ভাইৰাছক পৰাস্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে সমগ্র দেশকে তলাবন্ধ কৰাৰ সময়তে ইয়াক সমাজৰ একাংশ লোকে অমান্য কৰি অহা দেখা গৈছে। অৱশ্যে অমান্যকাৰীসকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনেও কঠোৰ আইনী স্থিতি গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বিলপাৰ-নাৰিকুছি চ'কৰ বড়ো চুবুৰীৰ সমীপত লকডাউন অমান্যকাৰী দুগৰাকী যুৱকক ঘগ্ৰাপাৰ আৰক্ষীয়ে আটক কৰে।

আটকাধীন যুৱক দুগৰাকী ক্ৰমে নাৰিকুছি গাঁৱৰ কামিনী ডেকাৰ পুত্ৰ খৰ্গেশ্বৰ ডেকা (৩১) আৰু শংকৰ বড়োৰ পুত্ৰ কৃষ্ণ বড়ো (১৯) বুলি ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে জানিবলৈ দিয়ে। বৃহস্পতিবাৰে ঘগ্ৰাপাৰ আৰক্ষীৰ এটা দলে অভিযান চলোৱাৰ সময়তে দুই যুৱকে উক্ত স্থানত অনাহকতে আড্ডা দি আছিল। ঘগ্ৰাপাৰ আৰক্ষীয়ে ইতিমধ্যে দুৰ্যোগ প্ৰশমন আইন, ২০০৫ ৰ ভাৰতীয় দণ্ডবিধি বিধি আইনৰ ১৮৮/৩৪ ধাৰাত এটি কেচ দুয়োগৰাকীৰ বিৰুদ্ধে ৰুজু কৰিছে।

উল্লেখ‍্য‍ যে, আৰক্ষীয়ে বৃহস্পতিবাৰে ঘগ্ৰাপাৰ থানা এলেকাৰ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি কোৰোনাৰ বিৰুদ্ধে সজাগ আৰু লকডাউনৰ ওপৰত জনসাধাৰণক সজাগ কৰিবলৈ উঠি পৰি লাগে। লগতে প্ৰশাসনে প্ৰতিদিনে দিনৰ ৯ বজাৰ পৰা ১ বজালৈ গেলামাল দোকান খোলাৰ পৰামৰ্শ দিয়ে।