অসম

নলবাৰীত বানাক্ৰান্তৰ মাজত বান সাহাৰ্য্য…

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ বানে বিধ্বস্ত কৰা নলবাৰী জিলাৰ বালিতাৰা,ধমধমা,পূৱ বালিতৰা আৰু হাতি নমাটিত বুধবাৰে নলবাৰী ভাৰতীয় জনতা পৰ্টিৰ কিষান মৰ্চাৰ নলবাৰী জিলা সমিতিয়ে কিছু বান সাহায্য বিতৰন কৰে ।

বানাক্ৰান্ত সকলৰ খা-খবৰ লোৱাৰ উপৰিও তেওলোকৰ মাজত বিস্কুট,কেক,পানী বটলৰ লগতে কিছু চাউল আৰু চিৰা বিতৰণ কৰে । বানাক্ৰান্তৰ মাজত নলবাৰী জিলা বিজেপিৰ কিষান মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকা,সম্পাদক সঞ্জীত ডেকা( ৰাহুল ৰাজ) বিজুমনি হালৈ, উপ-সভাপতি মনোজ ভট্ৰ, কোষাধক্ষ অমিত জালানসহ ভালেকেইজন দলীয় কৰ্মী উপস্থিত থাকে ।