অসম

দুৰ্ঘটনাত পতিত দৌলাশালৰ যুৱকৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান দিশহাৰা পিতৃ-মাতৃৰ…

asomiyapratidin

ডিজিটেল সংবাদ, চেঙা: নলবাৰী জিলাৰ দৌলাশালৰ এগৰাকী শিক্ষিত যুৱক কনক বৈশ্য (৩৫)। বিগত বছৰৰ ২৬ অক্টোবৰত এক বাইক দুৰ্ঘটনাত পতিত হৈ সংকটজনক অৱস্থা হৈছিল যুৱকজনৰ। কিন্তু অদৃশ্যজনৰ কৃপাত আৰু বিভিন্নজন সুহৃদয়ৰ সহায়-আশীৰ্বাদত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি কিছু সুস্থ হৈছে যদিও স্মৃতিশক্তি সম্পূৰ্ণ ঘূৰাই পোৱা নাই যুৱকজনে।

ইফালে, চিকিৎসকৰ মতে অতিশীঘ্ৰে যুৱকজনৰ মগজুৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন। অৰ্থৰ অভাৱত সম্পন্ন কৰিব পৰা নাই মগজুৰ অস্ত্ৰোপচাৰ। বিগত প্ৰায় দহ মাহে চিকিৎসাৰ নামত আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে পৰিয়ালটো। আ-অলংকাৰৰ সাধাৰণ কাৰিকৰী ব্যৱসায়েৰে কোনোমতে পৰিয়াল পোহপাল দি থকা পিতৃ জিতেন বৈশ্যই বৰপুত্ৰৰ চিকিৎসাৰ বাবে দিশহাৰা হৈ পৰিছে ।

আৰ্থিকভাৱে জুৰুলা পৰিয়ালটোৱে পুত্ৰৰ চিকিৎসাৰ বাবে ভেটি-মাটিৰ অংশ পৰ্যন্ত বিক্ৰী কৰিছে। পৰিয়ালটোৱে বিভিন্নজন সুহৃদয়ৰ ওচৰত হাত পাতিছে। বিভিন্নজনৰ পৰা সঁহাৰি পাইছে যদিও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই পুত্ৰ কনক বৈশ্য। ইতিমধ্যে চিকিৎসাৰ নামত ১০-১২ লাখ টকা ব্যয় কৰিলে । এতিয়াও অন্তিমটো অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন যথেষ্ট পৰিমাণৰ ধনৰ ।

সেয়ে পৰিয়ালটোৱে পুনৰবাৰ সহায় বিচাৰিছে ৰাইজৰ পৰা ।স্থানীয় বিধায়ক নাৰায়ণ ডেকা আৰু স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈও সহায়ৰ বাবে অনুৰোধ কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে । সদাশয় লোকক ৭০০২৯৬০৬২৫ নম্বৰত যোগাযোগ কৰিবলৈ অথবা অসম গ্ৰামীণ বিকাশ বেংকৰ ৰামপুৰ বৰক্ষেত্ৰী শাখাৰ আই এফ চি কোড নম্বৰ UTBIORRBAGB আৰু ৭০৯৩০২৯০০৩০৭১ নম্বৰ একাউণ্টত আৰ্থিক সহায় আগবঢ়াবলৈ মিনতি জনাইছে প্ৰায় দহ মাহে মৃত্যুৰ সৈতে যুঁজি থকা ভুক্তভুগী যুৱকজনৰ পিতৃ জিতেন বৈশ্যই।