অসম

নলবাৰী জিলা সাহিত্য সভাৰ বহুভাষিক কবি সন্মিলন

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধমধমা আঞ্চলিক শাখা সাহিত্য সভাৰ সহযোগত বুধবাৰে বাক্সা জিলাৰ শান্তিপুৰ গাঁৱত অৱস্থিত ছহিদ বীৰেন দাস মধ্য ইংৰাজী বিদ্যালয় চৌহদত উদীয়মান কবি গল্পকাৰ ত্ৰিলোচন গোস্বামী স্মৃতি বহুভাষিক কবি সন্মিলন আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়৷ জিলা সাহিত্য সভাৰ উপ-সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সঞ্চালনা কৰা কবি সন্মিলনৰ আৰম্ভণিতে ত্ৰিলোচন গোস্বামীৰ প্ৰতিকৃতিৰ সম্মুখত বন্তি প্ৰজ্বলন কৰে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপক অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী নীহাৰিকা গোস্বামীয়ে।

প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি অৰুন দাসে৷ কবি সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট কবি পংকজ গোবিন্দ মেধিয়ে৷ সভাৰ আৰম্ভণিতে ত্ৰিলোচন গোস্বামীৰ জীৱন আৰু সাহিত্য কৃতিৰ বিষয়ে আলোকপাত কৰি নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃবিপিন চন্দ্ৰ কলিতাই কয় যে, এটা জাতিক বিশ্ব স্তৰত প্ৰতিষ্ঠা কৰিবলৈ জাতিটোৰ ভাষা, সাহিত্য আৰু সংস্কৃতি শক্তিশালী হ'ব লাগিব৷

সভাত ত্ৰিলোচন গোস্বামী স্মৃতি বক্তৃতা প্ৰদান কৰে নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড°প্ৰমোদ হালৈয়ে৷ অনুষ্ঠানত ডেৰকুৰিতকৈও অধিক কবিয়ে কবিতা পাঠ কৰে৷ সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাই সঞ্চালকৰ ভাষণত এনেধৰণৰ কবিতাৰ অনুষ্ঠানে নৱ প্ৰজন্মক সাহিত্য সৃষ্টিৰ প্ৰতি আগ্ৰহান্বিত কৰিব বুলি মত পোষণ কৰে৷ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে" চিৰ চেনেহী মোৰ ভাষা জননী " শীৰ্ষক গীতটোৰে সভাৰ শুভাৰম্ভণি কৰে৷