অসম

নলবাৰী অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতালত ২ কোৰোনাক্ৰান্ত প্ৰসূতীৰ অস্ত্ৰোপচাৰ সম্পন্ন…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ কোৰোনা আতংকৰ মাজতে নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কোভিড হাস্পতালত শনিবাৰে কোৰোনা পজিটিভ দুগৰাকী প্ৰসূতীৰ অস্ত্ৰোপচাৰ কৰি সফলতাৰে প্ৰসৱ কৰাবলৈ সক্ষম হয় চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দল৷ উল্লেখ্য যে, নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত জিলাখনৰ বুদ্ৰুকুছিৰ নমিতা ডেকা আৰু দহকাউনীয়াৰ দীপালি বৰ্মন নামৰ কোৰোনা আক্ৰান্ত প্ৰসূতি দুগৰাকী চিকিৎসাধীন হৈ আছে৷

স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কোভিড-১৯ প'জিটিভ আক্ৰান্ত ৰোগী সকলক যথাযোগ্য চিকিৎসা প্ৰদান কৰাৰ বাবে জনোৱা আহ্বান আৰু স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কোৰোনা আক্ৰান্ত ৰোগীৰ প্ৰতি দেখুওৱা সেৱাৰ মনোভাৱত অনুপ্ৰেৰণা আৰু উৎসাহিত হৈ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই অতি সফলতাৰে প্ৰসূতি দুগৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন কৰি সন্তান প্ৰসৱ কৰাবলৈ সক্ষম হয়৷

সম্প্ৰতি প্ৰসূতী মাতৃ আৰু নৱজাতক সুস্থ হৈ আছে৷ প্ৰসূতী দুগৰাকীৰ অস্ত্ৰোপচাৰ কৰে চিকিৎসালয়খনৰ প্ৰসূতী বিশেষজ্ঞ ডাঃ দিপুল দাস আৰু ডাঃ ৰাতুল দাসে৷ শিশু ৰোগ বিশেষজ্ঞ ডাঃ ৰাকেশ জৈন আৰু এনেস্থেছীয়া চিকিৎসক ৰাতুল দাসে সহযোগ আগবঢ়ায়৷ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ অৰুণ বৰ্মনে জানিবলৈ দিয়া মতে, প্ৰসূতী দুগৰাকীৰ অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছতে অস্ত্ৰোপচাৰ কক্ষ সম্পূৰ্ণকৈ চেনিটাইজ কৰা হয়৷

ডাঃ বৰ্মনে লগতে কয় যে- নলবাৰীৰ উপায়ুক্ত পূৰৱী কোঁৱৰ, অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) অভিজিৎ সিনহা, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উমেশ ফাংচুৱে চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ প্ৰতি দেখুওৱা সহযোগিতাৰ বাবেই এই জটিল সময়ত দুগৰাকীকৈ প্ৰসূতী মহিলাৰ সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰি সন্তান প্ৰসৱ কৰাবলৈ সক্ষম হয়।