অসম

নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস-নৱাগত আদৰণী সভাত ড° বিৰিঞ্চি কুমাৰ দাস…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু নৱাগত আদৰণী সভাৰ দেওবাৰে সামৰণি পৰে।শনিবাৰৰে পৰা চলি থকা অনুষ্ঠানৰ দেওবাৰে আগবেলা অনুষ্ঠিত হয় নৱাগত আদৰণী সভা। মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° অতুল চন্দ্ৰ হালৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰাক্তন শিক্ষা মন্ত্ৰী অধ্যাপক ৰমনী বৰ্মনে নিৰ্দিষ্ট বক্তা হিচাপে দিয়া ভাষণ প্ৰসংগত নলবাৰী কমাৰ্ছ কলেজৰ প্ৰতিষ্ঠাকালৰ স্মৃতি ৰোমন্থন কৰে।

তেওঁ ছাত্র ছাত্ৰীসকলক উপদেশমূলক কথাৰে মুগ্ধ কৰে। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিৰিঞ্চি কুমাৰ দাসে ভাষণত কয় যে ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ ভবিষ্যত নিজৰ হাততে আছে। তেওঁ প্ৰতিগৰাকী শিক্ষাৰ্থীক নিজৰ উপযুক্ততা গঢ়ি তুলিবলৈ আহ্বান জনায়। 'অসমীয়া প্ৰতিদিন'ৰ সাংবাদিক তথা নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মাই নিৰ্দিষ্ট বক্তাৰ ভাষণত ছাত্ৰ ছাত্ৰীসকলক শক্তি সঞ্চয় কৰিবলৈ আহ্বান জনায় কয় যে অধ্যয়নে জ্ঞান বঢ়ায় আৰু জ্ঞানেই মানুহক শক্তিশালী কৰে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱাই ভাষণত ছাত্ৰ ছাত্ৰীসকলক শিপাৰ সৈতে সম্পৰ্ক ৰাখি আগবাঢ়িবলৈ পৰামৰ্শ দিয়ে। অনুষ্ঠানত নলবাৰী কমাৰ্ছ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশনাথ শৰ্মা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ সম্পাদক ৰাকেশ দাস আৰু নেচনেল ষ্টুডেন্ট ইউনিয়ন অব ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি এঞ্জয় দেয়ো ভাষণ দিয়ে।

একেখন সভাতে অধ্যাপক ৰমনী বৰ্মন, ধীৰাজ হেণ্ডিক্ৰাফটৰ স্বত্বাধিকাৰী ধীৰাজ ৰাজবংশী আৰু ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত সুৰেশ শৰ্মাৰ লগতে বিভিন্ন ক্ষেত্ৰত কৃতিত্ব প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰী ক্ৰমে কৌস্তুভমণি শৰ্মা, প্ৰান্তিক বৰ্মন,দিগন্ত ৰয়,হৰ্ষজিৎ কলিতা,প্ৰতিভা বৈশ্য, প্ৰিয়ংকা বৰ্মন আৰু প্ৰগতি জৈনক সম্বৰ্ধনা জ্ঞাপন আৰু বঁটা প্ৰদান কৰা হয়। বিয়লি অনুষ্ঠিত হয় সাংস্কৃতিক বিচিত্ৰানুষ্ঠান।।