অসম

নলবাৰী মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ আয়োজন, উন্মোচিত হ’ল প্ৰতীকচিহ্ন

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ অসমৰ গ্ৰামাঞ্চলত প্ৰতিষ্ঠিত প্ৰথমখন মহাবিদ্যালয় নলবাৰী মহাবিদ্যালয়ে মহাৰজত জয়ন্তী বৰ্ষত প্ৰৱেশ কৰিছে। এই ঐতিহাসিক ক্ষণক প্ৰোজ্জ্বল কৰি তুলিবলৈ নলবৰীয়া সুধীসমাজৰ সহযোগত মহাবিদ্যালয় পৰিয়ালে এলানি বৌদ্ধিক তথা বিদ্যায়তনিক কাৰ্যসূচীৰে মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ আয়োজন কৰাৰ বিষয়ে বৃহস্পতিবাৰে এক সংবাদমেলত ঘোষণা কৰিলে মহাবিদ্যালয় পৰিয়ালৰ হৈ অধ্যক্ষ ড° দীপক গোস্বামী, জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ভবেন্দ্ৰ নাথ ভট্টাচাৰ্য আৰু উপ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই।

এই সংবাদমেলতে মহাৰজত জয়ন্তী বৰ্ষৰ প্ৰতীক চিহ্নটো উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডাঃ বিপিন চন্দ্ৰ কলিতাই। সংবাদমেলত জানিবলৈ দিয়া মতে জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যক্ৰমণিকাৰ শুভাৰম্ভণি অনুষ্ঠান অহা চাৰি জুলাইত মহাবিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হ'ব। ৰাতিপুৱা সামূহিক দৌৰেৰে কাৰ্যসূচী আৰম্ভ হ'ব। তাৰ পিচত ক্ৰমে নলবাৰী মহাবিদ্যালয়ৰ ৭৫ খন পতাকা উত্তোলন, মহাৰজত জয়ন্তীৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ, ছহিদ তৰ্পণ আৰু গছপুলি ৰোপণ।

দিনৰ এঘাৰ বজাত মহাৰজত জয়ন্তী উদ্বোধনী বক্তৃতা। এই বৌদ্ধিক বক্তৃতা প্ৰদান কৰিব প্ৰবীন সাংবাদিক তথা প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিয়ে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব নলবাৰীৰ বিধায়ক অশোক শৰ্মা আৰু জিলাৰ উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰী। আবেলি সতীৰ্থ সন্মিলন। সন্ধিয়া মহাবিদ্যালয় অৱলোকন। তাৰ পিচতে মহাবিদ্যালয়ৰ বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ৰূপায়ণ কৰিব 'মহামিলনৰ এসন্ধ্যা' শীৰ্ষক সাংস্কৃতিক কাৰ্যসূচী। সংবাদমেলত জানিবলৈ দিয়া মতে মহাৰজত জয়ন্তীৰ মূল অনুষ্ঠান অহা ডিচেম্বৰ মাহৰ শেষৰ ফালে তিনিদিনীয়কৈ অনুষ্ঠিত কৰা হ'ব।