অসম

সমাজহিতৈষী চন্দ্ৰ কলিতাৰ পৰলোক, নলবাৰীত শোক…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী, নলবাৰী পৌৰসভাৰ প্ৰাক্তন সভাপতি তথা নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰৰ সভাপতি চন্দ্ৰ কলিতাৰ বৃহস্পতিবাৰে সন্ধিয়া ৫:১০ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।

নলবাৰীৰ সমাজ জীৱনৰ লগত অংগাংগীভাবে দীৰ্ঘকাল ধৰি জৰিত সমাজ সংগঠকগৰাকীৰ মৃত্যুৰ খবৰে চহৰখনত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে যোৱা দুমাহ ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তেওঁ চিকিৎসাধীন হৈ আছিল। ১৯৩৩ চনৰ ২১ জুনত জিলাখনৰ সন্ধা গাঁৱত নাৰায়ন চন্দ্ৰ মহাজন আৰু শুভেপ্ৰিয়াৰ ঔৰষত জন্মগ্ৰহণ কৰা চন্দ্ৰ কলিতাই পৰৱৰ্তী সময়ত চহৰৰ হৰি মন্দিৰৰ সমীপত নিগাজিকৈ থাকিবলৈ লয়।

তেওঁ সন্ধা প্ৰাথমিক বিদ্যালয়ৰ উপৰি গৰ্ডন আৰু দেৱীৰাম পাঠশালাত শিক্ষাগ্ৰহণ কৰিছিল। জীৱনকালত তেওঁ ১৯৯৭ চনৰ পৰা ২০১৯ লৈ দীৰ্ঘকাল নলবাৰী হৰিমন্দিৰ সমিতিৰ সভাপতি,২০০৭ চনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭৬ সংখ্যক কেন্দ্ৰীয় নলবাৰী অধিবেশনৰ সভাপতি, অসম অলিম্পিক সন্থাৰ সদস্য, নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি, নলবাৰী শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক প্ৰকল্পৰ সভাপতি আৰু ৫৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনৰ সভাপতি,সদৌ নলবাৰী জিলা নিৰ্মাণ সন্থাৰ সভাপতি,শুভেপ্ৰিয়া প্ৰাথমিক বিদ্যালয়ৰ সভাপতি,নলবাৰী সংস্কৃত মহাবিদ্যালয় নিৰ্মাণ সমিতিৰ সভাপতি, জিলা ঠিকাদাৰ সন্থা,ৰাজকদমতল বালিকা বিদ্যাপীঠ, কামৰূপ সংঘ,জিলা ট্ৰাক সন্থাৰ সভাপতিৰ পদ অলংকৃত কৰাৰ উপৰি পূব নলবাৰী কলেজৰ কোষাধ্যক্ষৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল।

তদুপৰি ২০০৪ চনৰ পৰা ২০০৯ চনলৈ নলবাৰী পৌৰসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে ১৯৬৭ চনত পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ হিচাপে নিৰ্বাচিত হৈছিল।উল্লেখযোগ্য যে তেওঁ ১৯৯৩ চনত শ্ৰীমন্ত শংকৰদেৱ সংঘত শৰণ গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে সমাজহিতৈষী কলিতাক ২০১৮ চনৰ ২৮ জানুৱাৰীত হৰিমন্দিৰত বাকৰিত ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নীসহ দুজন পুত্ৰ, দুগৰাকী কন্যা আৰু বহু গুণমুগ্ধক ইহ সংসাৰত এৰি যায়।

বিশিষ্ট সমাজকৰ্মীজনৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰ সমিতি,ৰাস মহোৎসৱ উদযাপন সমিতি, নলবাৰী পৌৰসভা,নলবাৰী ক্ৰীড়া সন্থা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা,নলবাৰী জিলা ঠিকাদাৰ সন্থা, পূব নলবাৰী কলেজ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা সমিতি, নলবাৰী সাংবাদিক সন্থা,নলবাৰী জিলা প্ৰেছ ক্লাব, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতি, নলবাৰী জিলা হাইস্কুল শিক্ষক সংস্থা, বড় মছজিদ জামাত সমিতি, শান্তি নিবাস বৃদ্ধাশ্ৰম, নলবাৰীৰ বিধায়ক অশোক শৰ্মা আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে নিশাৰ ভাগতে চন্দ্ৰ কলিতাৰ নশ্বৰ দেহ নলবাৰী আহি পাব। কাইলৈ তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব বুলি পৰিয়ালে জানিবলৈ দিছে। তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি কাইলৈ পুৱা ৬ বজাৰ পৰা বিয়লি ১ বজালৈ নলবাৰী চহৰত বন্ধ পালন কৰিবলৈ নলবাৰী হৰিমন্দিৰ সমিতিৰ সম্পাদক নগেন ডেকাই আহ্বান জনাইছে।