অসম

পূজা চাবলৈ গৈ ৰেলৰ পৰা পৰি মৃত্যু যুৱকৰ…

asomiyapratidin

ডিজিটেল সংবাদ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বৰাজোলত সংঘটিত হয় এই এক কৰুণ ঘটনা।ৰেলৰ পৰা মৃত্যু এজন যুৱকৰ। উল্লেখ‍্য‍ যে ঘগ্ৰাপাৰ থানৰ অন্তৰ্গত বৰাজোল গাঁও নিবাসী বলাই চৰকাৰৰ পুত্ৰ তথা বড়িগোগ বনভাগ মণ্ডলৰ (বিজেপি)এছ চি মৰ্চাৰ সহ: সম্পাদক  জয়ন্ত সৰকাৰ (২৭) সোমবাৰে কোচবিহাত দূর্গা পূজা উপভোগ কৰিবলৈ গৈ থাকোতে ৰেলৰ পৰা পৰি মৃত্যু হয় ।

সৰকাৰৰ আকস্মিক মৃত্যুত অঞ্চলটো দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। জানিব পৰা মতে চৰকাৰে সোমবাৰে পুৱা ৰেলৰে কোচবিহাৰত দূর্গা পূজা উপভোগ কৰাৰ বাবে যাত্ৰা কৰাৰ সময়তে  আলিপুৰ দুৱাৰ জংচন সমীপত তেওঁ ৰেলৰ পৰা বাগৰি পৰি কৰুণ ভাবে মৃত্যুক সাবটিব লগা হয়।চসৰে বৰাজোলত কাপোৰৰ ব‍্যৱসায়ী কৰা উপৰিও বিজেপি দলৰ বড়িগোগ বনভাগ মণ্ডলৰ এছ চি মৰ্চাৰ সহঃ সম্পাদক পদত কাৰ্য্যনিৰ্বাক কৰি আছিল।