অসম

জিলা প্ৰশাসন-সমন্বয়ৰ উদ্যোগ, নলবাৰী গ্ৰন্থমেলা, ২০১৯ৰ প্ৰস্তুতি

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ সমন্বয়, নলবাৰী আৰু নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত অহা ১২ ডিচেম্বৰৰ পৰা পাঁচদিনীয়াকৈ নলবাৰী গ্ৰন্থমেলা, ২০১৯ৰ আয়োজন কৰা হৈছে। মূলতঃ কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তোলা আৰু বৌদ্ধিক উত্তৰণ ঘটোৱাৰ বাবে নলবাৰীত এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত শনিবাৰে সন্ধিয়া নলবাৰীৰ নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেলত সমন্বয়, নলবাৰীৰ উদ্যোক্তাসকলে এই কথা ঘোষণা কৰিছে।

গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি তথা জিলা উপায়ুক্ত ভাৰতভূষণ দেৱচৌধুৰী, কাৰ্যকৰী সভাপতি তথা চকু ৰোগ বিশেষজ্ঞ ডাঃ শুভ্ৰ কিংকৰ গোস্বামী, মুখ্য সম্পাদক তথা গ্রন্থ প্ৰকাশক তথা বিক্রেতা জিতেন ডেকা, শিক্ষাবিদ ফণীধৰ ডেকাই সংবাদ মেলত কয় যে, নতুন প্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ প্ৰচেষ্টা আগত ৰাখিয়ে এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি ভাৰতভূষণ দেৱচৌধুৰীয়ে কয় যে, পাঠকৰ ওপৰত নিৰ্ভৰ কৰে গ্ৰন্থৰ ভবিষ্যৎ। কিতাপ মানুহৰ মানসিক খাদ্য। গ্ৰন্থমেলাই পাঠকৰ ওপৰত বেছি গুৰুত্ব দিব লাগে।

সংবাদমেলত প্ৰকাশ কৰা অনুসৰি গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক সংস্কৃতি বিভাগৰ মুৰব্বী অধ্যাপক ড° অনিল বড়োৰ উপৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সেইদৰে অসম প্ৰকাশন পৰিষদ, ষ্টুডেন্টছ ষ্টোৰ, ৰেখা প্ৰকাশন, বনলতা, চন্দ্ৰ প্ৰকাশ, অসম শিশু সাহিত্য ন্যাস, জ্যোতি প্ৰকাশ আদিকে ধৰি ভালেমান গ্ৰন্থ প্ৰকাশনে নলবাৰী গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰে।

উল্লেখ্য যে, চহৰৰ পি এন চি পথৰ ছহিদ ভৱন বাকৰি আৰু নাট্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা। গ্ৰন্থমেলাৰ মুকলি মঞ্চৰ বিভিন্ন অনুষ্ঠানত অসমৰ শিক্ষা, সংস্কৃতি, সাহিত্যৰ লগত জড়িত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। বিশেষকৈ উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকা, ড° দীপক শৰ্মা, ড° মালিনী গোস্বামী, ড° দিবাকৰ ডেকা, বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, জ্যেষ্ঠ প্ৰশাসনিক বিষয়া আশুতোষ অগ্নিহোত্ৰী, বিশিষ্ট চলচ্চিত্ৰ সমালোচক-লেখক উৎপল দত্ত আদিয়ে ইতিমধ্যে উপস্থিত থকাৰ সন্মতি প্ৰদান কৰিছে। গ্ৰন্থমেলাত প্ৰতিদিনে সন্ধিয়া বিশেষ প্ৰশ্নমঞ্চৰ আয়োজন কৰা হ'ব। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰো প্ৰস্তুতি চলোৱা হৈছে।