অসম

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীক স্মৰণ নলবাৰী জিলা বিজেপিৰ…

asomiyapratidin

জিজিটেল সংবাদ, নলবাৰীঃ ভাৰতৰ সদ্যপ্ৰয়াত প্ৰাক্তন বিত্ত, প্ৰতিৰক্ষা, আইন মন্ত্ৰী তথা শাসকীয় বিজেপিৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীক দেওবাৰে সন্ধিয়া নলবাৰীত ৰাজহুৱাভাৱে স্মৰণ কৰা হয়।

বিজেপিৰ জিলা কাৰ্যালয়ত শতাধিক দলীয় নেতা-কৰ্মী, ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা স্মৰণ সভাৰ পূৰ্বে প্ৰয়াত অৰুণ জেটলীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা, পৌৰসভাৰ সভানেত্ৰী বিপাশা দাস, পূৱ নলবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰ্মন, জিলা বিজেপিৰ সভাপতি বনদীপ ডেকা, উপ সভাপতি অপূৰ্ব শৰ্মা, আৰতি বৈশ্য, সাধাৰণ সম্পাদক পুলক শৰ্মা, তৌফিকুল হক চৌধুৰী, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, মিডিয়া চেলৰ আহ্বায়ক জোন কুমাৰ বৰ্মন,জিলা মহিলা মৰ্চাৰ উপ সভানেত্ৰী পপি দত্ত,জিলা অ' বি চি মৰ্চাৰ সভাপতি ধনমণি দাস,টাউন মণ্ডলৰ সভাপতি জয়ন্ত বুজৰবৰুৱা,সাধাৰণ সম্পাদক হৰেকৃষ্ণ মালাকৰ, নলবাৰী মণ্ডলৰ সভাপতি জয়ৰাম বৰ্মন,সাধাৰণ সম্পাদক ভূপেন ডেকা,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্ৰতুল কলিতাসহ বহু সংখ্যক ৰাইজে।

তদুপলক্ষে সাধাৰণ সম্পাদক অঞ্জন শৰ্মাই আতঁ ধৰা অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি বনদীপ ডেকাই প্ৰয়াত জেটলীক স্মৰণ কৰি কয় যে অৰুণ জেটলী এগৰাকী প্ৰকৃত দেশপ্ৰেমিক আৰু আদৰ্শৱান ব্যক্তি আছিল। তেওঁ মনে প্ৰাণে বিজেপিৰ উত্থানত অগ্ৰণী ভূমিকা লোৱাই নহয়, এগৰাকী কেবিনেট মন্ত্ৰী হিচাপেও সফলতা লাভ কৰিছিল বুলি তেওঁ কয়।