অসম

নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ একাংশ লোকৰ সহনশীলতা ক্ৰমান্বয়ে লোপ পাই আহিছে। মাত্ৰ দহদিন পূৰ্বে নলবাৰীৰ নমাটিত সুৰাৰ ৰাগিত মাতাল হোৱা এজন উন্মাদে মহিলাসহ পাঁচগৰাকী লোকক কুঠাৰেৰে ঘপিওৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বুধবাৰে নলবাৰী বালাজানত নিজৰ ভাইশহুৰে বৰ্বৰভাবে আক্ৰমণ কৰিলে ভাইবোৱাৰীক ।

এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে পেছাত গাড়ীচালক মন্তাজ আলীয়ে সাধাৰণ কথাতে তিনিটা কণমানি সন্তানৰ মাতৃ ভাই বোৱাৰীয়েক মামনি বেগমক হত্যাৰ চেষ্টাৰে ডেগাৰেৰে ঘপিয়াই গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কৰে। মামনিয়ে গোবৰ পেলাবলৈ ঘৰৰ পিচপিনে যাওঁতে উন্মাদ মন্তাজে জধে মধে ডেগাৰেৰে ঘপিয়ায় ।

ভাইবোৱাৰীকক ডিঙিত, কাণত আৰু হাতত ঘপিয়াই মন্তাজে পলায়ন কৰে । অৱশ্যে মন্তাজৰ শৰীৰতো আঘাতৰ চিন দেখা যায়। অভিযোগমতে মন্তাজে নিজৰ দেহত নিজে আঘাত কৰি ভাইবোৱাৰীয়েকেহে প্ৰথমতে দাৰে ঘপিয়াই তেওঁক আহত কৰে বুলি নাটক ৰচনা কৰে ।

ভাতৃ চিৰাজ আলী ঘৰত নথকাৰ সুযোগত এই কাণ্ড সংঘটিত কৰি পলায়ন কৰে মন্তাজ আলীয়ে । উল্লেখযোগ্য যে মামনিৰ স্বামী চিৰাজ আলীয়েও গুৱাহাটীত গাড়ী চলায়‌। পৰবৰ্ত্তী সময়ত আক্ৰমণকাৰী মন্তাজ আলীয়েও নলবাৰী ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি হয় ।

পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবেই এই অঘটন সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । ৰক্তাক্ত হৈ মুমূৰ্ষু অৱস্থাত পৰি থকা মামনি বেগমক লগে লগে নলবাৰী ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক হোৱাত তেওঁক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ইপিনে নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে আক্ৰমণকাৰী মন্তাজক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।