অসম

নলবাৰী আৰু হাউলীত জেহাদীৰ সন্দেহত ২ যুৱকক আটক…

asomiyapratidin

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ৰাজ্যত কেইবাজনো জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পাছতে দেওবাৰে জেহাদীৰ সন্দেহত নলবাৰী আৰু হাউলীৰ পৰা আৰক্ষীয়ে আটক কৰে ২ জন যুৱকক। গ্ৰেপ্তাৰ কৰা দুজন যুৱক ছফিকুল ইছলাম আৰু আনজনৰ নাম ডানেছ বুলি জানিব পৰা গৈছে। নলবাৰীৰ কাপলাবাড়ীৰ ভেবলা বড়ো চ'কৰ পৰা আটক ছফিকুল ইছলাম নামৰ যুৱকজনক। আনহাতে, হাউলীৰ পৰা ডানেছ নামৰ যুৱকজনক আটক কৰা হৈছে। আৰক্ষীয়ে বৰ্তমানৰ লৈকে এই ঘটনাক লৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই যদিও যোৱা শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা এজন জেহাদীৰ স্বীকোৰোক্তিৰ ভিত্তিতে যুৱকদুজনক আটক কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।