অসম

আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট’কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক…

asomiyapratidin

ডিজিটেল সংবাদ, বাঁহজানীঃ কোৰোনা আক্ৰান্তৰ সংখ্যা দিনে দিনে বৃদ্ধি হৈ অহাৰ সময়তে নলবাৰীৰ ঠায়ে ঠায়ে স্থাপন কৰা আধাৰ কেন্দ্ৰ সমুহত ক'ভিডৰ প্ৰট'কল ভংগ কৰি হিতাধিকাৰীৰ ব্যাপক সমাগমে সৰ্বসাধাৰন ৰাইজক অধিক শংকিত কৰি তুলিছে।

উল্লেখ্য যে নলবাৰী জিলাৰ একাংশ গাঁও পঞ্চায়তকে ধৰি ঠাই বিশেষে স্থাপন কৰা আধাৰ কেন্দ্ৰ সমুহত ৰাতিপুৱাৰে পৰা সন্ধিয়ালৈ আধাৰ কাৰ্ড বিচৰা লোকৰ অভাৱনীয় ভিৰৰ পিছতো কোৰোনাৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমাগম ৰোধৰ বাবে আজিলৈ কোনো তৎপৰ নহোৱাত ৰাইজ ক্ষুন্ন হৈ পৰিছে।

লক্ষনীয় যে কিছুদিন পূৰ্বে জিলাখনৰ অধীনৰ ৭ টা উন্নয়ন খণ্ডই পঞ্চায়ত সমুহৰ জড়িয়তে জিঅ'টেগ কৰি প্ৰকাশ কৰা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ হিতাধিকাৰীৰ তালিকাত সন্নিবিষ্ট সকলৰ আধাৰ কাৰ্ড চৰকাৰে বাধ্যতা মূলক কৰাৰ পিছতে আধাৰ কাৰ্ড প্ৰস্তুত কৰাকলৈ বিগত এসপ্তাহ ধৰি কেন্দ্ৰ সমুহত অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ লগতে হিতাধিকাৰী সকল যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে।

যি সময়ত কোৰোনাৰ সংক্ৰমন ৰোধৰ স্বাৰ্থত চৰকাৰে সামাজিক দূৰত্ব মানি চলাৰ কথা কৈ আহিছে তেনে সময়তে জিলা খনৰ দৰিদ্ৰ লোক সকলে নিজৰ জীৱনক তুচ্ছ কৰি আধাৰ কাৰ্ড লাভৰ বাবে বহু আধাৰ কেন্দ্ৰত ভিৰ কৰাটো চিন্তনীয় বিষয় হৈ পৰিছে। লোক সকলে একাংশ আধাৰ কেন্দ্ৰত সামাজিক দূৰত্ব মানি নচলাৰ লগতে আনকি বহুতে মাস্ক ব্যৱহাৰ কৰা পৰিলক্ষিত হোৱা নাই।

নলবাৰীৰ ৮নং উত্তৰ বাঁহজানী গাঁও পঞ্চায়তৰ চান্দকুছি ৰাজ্যিক পশু চিকিৎসালয়ত স্থাপন কৰা আধাৰ কেন্দ্ৰত প্ৰতিদিনে আধাৰ কাৰ্ড বিচাৰি হিতাধিকাৰী সকলে হেতা-ওপৰা লগাই আহিছে। কেন্দ্ৰটোত সামাজিক দূৰত্বৰ কথা বাদে প্ৰায় সংখ্যক লোকে মাস্ক ব্যৱহাৰ নকৰাকৈ কেন্দ্ৰত ভিৰ কৰি আহিছে।

আনকি হিতাধিকাৰীৰ ভিৰৰ বাবে সোনকালে আধাৰ কাৰ্ডৰ লাভৰ কাৰনে দুৰনিৰ একাংশই কেন্দ্ৰৰ বাৰান্দাত নিশা আঠুৱা টানি ৰাতিপুৱালৈ থকাও পৰিলক্ষিত হৈছে। অনুৰূপ ধৰনে ৭ নং পূৱ বাঁহজানী গাঁও পঞ্চায়ত, ৯ নং মধ্য বাঁহজানী গাঁও পঞ্চায়তত স্থাপিত আধাৰ কেন্দ্ৰটো অনুৰূপ ঘটনা সংঘটিত হৈ আহিছে।

ইফালে কেন্দ্ৰ সমুহত নিয়োজিত কৰ্মচাৰীয়ে ধনৰ বিনিময়ত একাংশ লোকক গোপনে আগতিয়াকৈ আধাৰ কাৰ্ডৰ কাম কৰি দি শাৰী পাতি থকা সকলক হাৰাশাস্তি কৰি অহাৰো অভিযোগ উঠিছে। আনহাতে আধাৰ কাৰ্ড প্ৰস্তুতৰ নামত নলবাৰীৰ বাঁহজানীকে ধৰি একাংশ কেন্দ্ৰত দুষ্ট চক্ৰই হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰো অভিযোগ উঠিছে।

লকডাউনৰ সময়ত আৰ্থিক ভাৱে অতিকৈ জৰুলা হোৱা দৰিদ্ৰ হিতাধিকাৰীৰ পৰা আধাৰৰ নামত দুষ্ট চক্ৰই ধন সংগ্ৰহ কৰি অহাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই আজিলৈ কোনো বিহিত ব্যৱস্থা গ্ৰহন নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে।