অসম

নলবাৰীত আছু’ৰ জোঁৰ সমদল,উত্তাল নলবাৰী…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই শুকুৰবাৰে সন্ধিয়া নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু ই আই এ বাতিলৰ দাবীত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰে ।

নলবাৰীৰ ছহিদ ভৱনৰ পৰা ওলোৱা জোঁৰ সমদলত ৪ শতাধিক সমদলকাৰীয়ে বিজেপি চৰকাৰ হায় হায়, জাতিধ্বংসী কা বাতিল কৰক, ই.আই.এ. বাতিল কৰক , জাতিৰ শত্ৰু সোনোৱাল চৰকাৰ হায় হায়, বিজেপি গ' বেক আদি শ্ল'গানেৰে পৰিবেশ উত্তাল কৰে ।

জোঁৰ সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুবা , কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদে কা আৰু ই আই এ বাতিল নকৰা পৰ্যন্ত ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজ ক্ষান্ত নহয় বুলি কয়। জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাৰ নেতৃত্বত ওলোৱা উক্ত কাৰ্যসূচীত বিভিন্ন দল সংগঠন নেতৃত্বই অংশগ্ৰহণ কৰে ।।