অসম

নলবাৰীত আছু,এন এছ ইউ আই,যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীৰ এ বি ভি পিত যোগদান…

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰীত বৃহস্পতিবাৰে বহু সংখ্যক আছু, এন এছ ইউ আই আৰু যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়াই অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ( এ বি ভি পি )ত যোগদান কৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে নলবাৰী বাণিজ্য মহাবিদ্যালয়ত এ বি ভি পিৰ মহাবিদ্যালয় শাখা গঠন কৰা হয়।

সংগঠনটোৰ নলবাৰী নগৰ শাখাৰ সম্পাদক ধীৰাজ শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ কৌশিক দত্তক সভাপতি, প্ৰজ্ঞা শৰ্মা, বিক্ৰম বৰ্মন আৰু কুলদ্বীপ ভাগৱতীক উপ সভাপতি, অজিত বেজবৰুৱাৰক সম্পাদক হিচাপে লৈ এ বি ভি পিৰ নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ শাখা গঠন কৰা হয়।

এই বৈঠকতে আছু,এন এছ ইউ আই আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবাগৰাকী কৰ্মীয়ে এ বি ভি পিত যোগদান কৰে। তেওঁলোক হ'ল কলেজখনৰ প্ৰাক্তন উপ সভাপতি এন এছ ইউ আইৰ হিমাংশু চক্ৰৱৰ্তী, বৰ্তমানৰ ছাত্ৰ একতা সভাৰ এন এছ ইউ আই সমৰ্থিত সভাপতি কৌশিক বৰ্মন,আলোচনী সম্পাদিকা প্ৰিয়ংকা বৰ্মন, সদস্য ডাৱৰ ডেকা, ফৰিদ আব্দুলাহ,প্ৰাণজিৎ কলিতা,আছুৰ সদস্য পৰাগ বৰ্মন আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাণজিৎ ভূঞা। কেইজনে এ বি ভি পিৰ নীতি আদৰ্শ মানি কাম কৰি যাব বুলি সকলোৰে আগত ব্যক্ত কৰে।