অসম

নলবাৰী আইন মহাবিদ্যালয়ত আছুৰ অভিনন্দন অনুষ্ঠান, ১৬৭ গৰাকী কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা…

asomiyapratidin

প্ৰতিদিন সংবাদ, নলবাৰীঃ 'প্ৰজ্ঞাৰ সাধনাৰ বাট বৰ জটিল আৰু কঠিন। শ্ৰম আৰু সাধনাৰ কোনো গত্যন্তৰ নাই।'- এই মন্তব্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° উমেশ ডেকাৰ । সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আজি অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত ড° ডেকাই এনেদৰে কয়। এইবাৰ হাইস্কুল, হাইমাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক কলা,বাণিজ্য , বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা নলবাৰী জিলাৰ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ আজি আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত তেওঁ কয় যে আজিৰ শিক্ষাৰ্থীৰ যুক্তি আৰু বিবেচনাৰ অভাৱ নাই। তথাপিও তেওঁলোক যাতে বিভ্ৰান্তিত পৰিব নালাগে তাৰ বাবে সাৱধান হ'ব লাগে।

শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি বুলি উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকল মানসিকভাবে শক্তিশালী হ'ব লাগে। দহৰ উপকাৰৰ বাবে জ্ঞান বিস্তাৰ কৰিব নোৱাৰিলে সেই জ্ঞানৰ কোনো অৰ্থ নাই বুলিও তেওঁ দোহাৰে। ড° ডেকাই ছাত্ৰ ছাত্ৰীক বিজ্ঞান প্ৰযুক্তি বিদ্যাৰে অগ্ৰসৰ হ'বলৈ আহ্বান জনায় আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। নলবাৰী আইন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৃতী ছাত্র ছাত্ৰীৰ পৰা সমাজে বহু আশা কৰে বুলি মন্তব্য কৰে।

তেওঁ কয় যে ইচ্ছা, চেষ্টা আৰু নিষ্ঠাক মূলমন্ত্ৰ হিচাপে লৈ আগবাঢ়িলে ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰে। ড° ভট্টাচাৰ্যই ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিবলৈ আহ্বান জনায়। প্ৰস্তাৱিত নতুন শিক্ষানীতি সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই অচিৰেই আনুষ্ঠানিক মতামত প্ৰকাশ কৰিব বুলি উল্লেখ কৰি তেওঁ শিক্ষকৰ খালী পদসমূহ শীঘ্ৰে পূৰণ কৰিবলৈও দাবী জনায়। নলবাৰীত একোখনকৈ কৃষি মহাবিদ্যালয় আৰু দক্ষতা বিকাশ মহাবিদ্যালয় স্থাপন কৰিবলৈও তেওঁ দাবী জনায়। আছুৰ শীৰ্ষ নেতাগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক ' মোৰ কাম অসমৰ কামঢ়/ অসমৰ কাম মোৰ কাম /মোৰ সন্মান অসমৰ সন্মান/অসমৰ সন্মান মোৰ সন্মান ' শীৰ্ষক শপতবাক্য পাঠ কৰোৱাৰ লগতে এই ঘোষণাও কৰে যে অৰ্থনৈতিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ ছাত্ৰীৰ বাবে সদৌ অসম ছাত্ৰ সন্থা সদায় সাৰথি হৈ থাকিব। অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্তই দিয়া ভাষণত ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতা নহয় সহযোগিতাৰে আগবাঢ়িবলৈ আহ্বান জনায়।

ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা কৃতী শিক্ষাৰ্থীসকলক পৰৱৰ্তী সময়তো ছাত্ৰ সন্থাই নিৰীক্ষণ কৰি থাকিব লাগে বুলি তেওঁ উল্লেখ কৰে। জিলা ছাত্ৰ সন্থাৰ সম্পাদক অক্ষয় ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক নীলকমল বৰ্মনে আদৰণী ভাষণ দিয়া অভিনন্দন অনুষ্ঠানত আছুৰ সাংগঠনিক সম্পাদক হিমান বৰ্মন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ভৱজিৎ বেজবৰুৱা,নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক অমনজিৎ কৌৰ প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান লাভ কৰা নিকিতা কলিতা,নৱম স্থানপ্ৰাপ্ত দীপশেখৰ কলিতা,দশম স্থান লাভ কৰা দীপজ্যোতি শৰ্মা, উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত সপ্তম স্থান লাভ কৰা প্ৰতিভা বৈশ্য আৰু বিজ্ঞান শাখাত দশম স্থান লাভ কৰা মধুস্মিতা বৰ্মনসহ মুঠ ১৬৭ গৰাকী কৃতী শিক্ষাৰ্থীক মানপত্ৰ, গামোছা, কিতাপৰ টোপোলা আদিৰে অভিনন্দন জনোৱা হয়। একে অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ পৰা সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত প্ৰথম তিনিগৰাকী কৃতী ছাত্র ছাত্ৰী নিকিতা কলিতা,দীপশেখৰ কলিতা আৰু দীপজ্যোতি শৰ্মাক শিক্ষাবিদ, মুক্তি যুঁজাৰু বিপিন চন্দ্ৰ শৰ্মা শৈক্ষিক ন্যাসৰ তৰফৰ পৰা আগবঢ়োৱা হয় বিপিন চন্দ্ৰ শৰ্মা সোঁৱৰণী বিশেষ বঁটা।।