অসম

দৰিদ্ৰতাক নেওচি নলবাৰীৰ দুই শিক্ষাৰ্থীৰ সফলতা

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ দৰিদ্ৰতাক নেওচি দুই ছাত্ৰ-ছাত্ৰীয়ে দেখুওৱা সফলতাই নলবাৰীৰ জানিগোগ
(কৰেবাৰী) গাঁৱত আনন্দৰ লহৰ তুলিছে। শিক্ষাৰ দিশত যে দৰিদ্ৰতা কোনো বাধা হ'ব নোৱাৰে এই দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে তাকেই প্ৰমাণ কৰিছে। জানিগোগ কৰেবাৰী নিবাসী ক্ষুদ্ৰ ব্যৱসায়ী, বাওঁপন্থী আন্দোলনৰ নেতা কন্দৰ্প শৰ্মা আৰু অনামিকা দেৱীৰ কন্যা তথা পূব বাহঁজানী গোপালথান বালিকা বিদ্যা মন্দিৰৰ ছাত্ৰী জুস্মিতা দেৱীয়ে বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে সংস্কৃত আৰু সমাজ বিজ্ঞানত লেটাৰ নম্বৰ লাভ কৰে।

সুস্মিতা দেৱীয়ে ইংৰাজীত ৫৫, গণিতত ৬০, সাধাৰণ বিজ্ঞানত ৭৬, সমাজ বিজ্ঞানত ৮১,
অসমীয়াত ৭০ আৰু সংস্কৃতত ৮১ নম্বৰসহ মুঠ ৪২৩ নম্বৰ লৈ উত্তীৰ্ণ হয়। ইফালে একেখন গাঁৱৰে পূজাৰী খগেন শৰ্মা আৰু দীপালী দেৱীৰ পুত্ৰ তথা চান্দকুছি পাব্লিক হাইস্কুলৰ ছাত্ৰ কমল শৰ্মাই প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে অসমীয়াত লেটাৰ নম্বৰ লাভ কৰে।

ছাত্ৰ কমল শৰ্মাই অসমীয়াত ৮১, ইংৰাজীত ৪৯, গণিতত ৪২, সাধাৰণ বিজ্ঞানত ৬৭, সমাজ বিজ্ঞানত ৭৩ আৰু সংস্কৃতত ৬৫ নম্বৰসহ মুঠ ৩৭৭ নম্বৰ লাভ কৰে। উল্লেখ্য যে, গাঁও খনৰ সাধাৰন পৰিয়াল দুটাৰ দুই ছাত্ৰ-ছাত্ৰীয়ে অৰ্জন কৰা সাফল্যত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। ইফালে সংগ্ৰামী নেতা ৰবীন মিশ্ৰ, পূব বাহঁজানী গোপালথান বালিকা বিদ্যা মন্দিৰৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মুকুল শৰ্মা আৰু চান্দকুছি পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক ত্ৰৈলোক্য ডেকাই দুয়োকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগত দিনত পুনৰ অধিক সফলতা কামনা কৰিছে।