অসম

বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নগেন কোঞৰৰ জন্মদিন উপলক্ষে গ্ৰন্থ উন্মোচনৰ কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল ডেস্ক : সোমবাৰে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নগেন কোঞৰৰ জন্মদিন । ৭৯ বছৰত ভৰি দিব বিশিষ্ট সাহিত্যিক গৰাকী । ওপজা দিনৰ লগত সংগতি ৰাখি কবি-সাংবাদিক-সমালোচক বিপুল কুমাৰ দিহিঙ্গীয়াৰ প্ৰচেষ্টাত সৃষ্টি প্ৰকাশৰ সহযোগত বিশিষ্ট সাহিত্যিক গৰাকী কবিতা,গীতি- কবিতা আৰু প্ৰৱন্ধ সংকলন তিনিখন গ্ৰন্থ উন্মোচন কৰিব।গহপুৰৰ সতীৰ্থ সংগমত আয়োজন কৰা হৈছে এই উন্মোচনী অনুষ্ঠানৰ । উত্তৰ অসমৰ বিশিষ্ট কবি-সাহিত্যিক-সাংবাদিক নগেন কোঞৰৰ ঘৰ গহপুৰৰ দুই নং ৱাৰ্ডত।

স্কুলত পঢ়ি থকা দিনৰেপৰা সাহিত্যিক গৰাকীয়ে অব্যাহত ৰাখিছে সাহিত্য চৰ্চা অব্যাহত ৰাখিছে । ৭০ দশকৰ পৰা সংবাদ সেৱাৰ সৈতে জড়িত বিশিষ্ট সাহিত্যিক গৰাকী । ইতিমধ্যে কেইবাখনো কিতাপ প্ৰকাশ পাইছে সাহিত্যিক গৰাকীৰ। ৰাজ্যিক ভিত্তিত কেইবাটাও বঁটা লাভ কৰিছে বিশিষ্ট সাংবাদিক গৰাকীয়ে ।

জীৱনৰ প্ৰতিটো পল-অনুপল সাহিত্য/সংবাদ আৰু সমাজৰ বাবে উৎসৰ্গা কৰা এই বিশিষ্ট কবি-সাহিত্যিক-সাংবাদিকে জীৱনৰ বিয়লি বেলাত নিজে আবেদন কৰি চৰকাৰৰ পৰা পেন্সন বা বঁটা ল'ব নিবিচাৰে। বিশেষকৈ পেন্সনৰ ক্ষেত্ৰত যাৰ বেছি প্ৰয়োজন তেওঁলোকক হে অগ্ৰাধিকাৰ দিব লাগে বুলি ভাবে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।